বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী ৷ যোৱা নিশাৰে পৰা বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজ্যজুৰি দ্বিতীয়টো অভিযান আৰম্ভ কৰিছে । এই অভিযানত ৮০০ৰো অধিক অসাংবিধানিক স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। ধুবুৰীত সর্বাধিক ২০০ জন অসাংবিধানিক স্বামী গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই অভিযানত স্বামীৰ উপৰি , অভিভাৱক, কাজী, পূজাৰী, পৰিয়ালৰ সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা ৩৫ জনক, গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা ৪২ জনক, গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰাও ৪২ জনক, বিলাসীপাৰা থানা অঞ্চলৰ পৰা ৩৬ জনক, আগমণি আৰক্ষী থানা এলেকাৰ পৰা ৭ জন, তামাৰহাট থানা অঞ্চলত ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷
আনহাতে, গোলাঘাটৰ পৰা ৭জন, বৰপেটাৰ পৰা ৬ জন, বজালীৰ পৰা ১৮ জন, কোকৰাঝাৰৰ পৰা ২৪জন, কৰিমগঞ্জৰ পৰা ৪৯ জন, লখিমপুৰৰ পৰা ৮ জন, মানকাচৰৰ পৰা ৪০ জন, মৰিগাঁৱৰ পৰা ৩০ জন, বঙাইগাঁৱৰ পৰা ৩৯ জন আৰু কামৰূপ জিলাৰ ভিন্ন ঠাইৰ পৰা ৫০ জনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে
উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বাল্যনিনাহৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত কেইবা শতাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল কৰা হৈছিল। যোৱা ফেব্ৰুৱাৰী মাহত ধুবুৰী ১৫৪ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
অৱশ্যে পূর্বে অবৈধ স্বামী গ্ৰেপ্তাৰৰ পাছত চৰকাৰে ভুক্তভোগী মহিলাসকলক সংস্থাপনৰ আশ্বাস দিছিল ৷ কিন্তু ইয়াৰ বাবে এটা ফুটাকঢ়িও মোকলাই নিদিলে চৰকাৰে ৷