VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এন্টিবায়টিকৰ অবাধ ব্যৱহাৰে আনিছে ভয়াৱহ সংকট,গৱেষণা পত্ৰতো সতৰ্কবাণী

voicedesk by voicedesk
May 23, 2024
in মুখ্য সংবাদ
এন্টিবায়টিকৰ অবাধ ব্যৱহাৰে আনিছে ভয়াৱহ সংকট,গৱেষণা পত্ৰতো সতৰ্কবাণী
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই আশংকা প্ৰকাশ কৰিছিল যে ‘এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ (AMR) দ্ৰুত গতিত গঢ় লৈ উঠিছে। এন্টিবায়টিকৰ প্ৰতি সঁহাৰি নিদিয়া মাৰাত্মক বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পাইছে। এইবাৰ ভাৰতীয় গৱেষণা পত্ৰ এখনতো একেই সতৰ্কবাণী উল্লেখ কৰা হৈছে ৷ ‘লেন্সেট ৰিজিঅ’নেল হেল্থ – চাউথ ইষ্ট এছিয়া’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি ইতিমধ্যে নতুন ঔষধৰ নাটনি হৈছে ৷ য’ত পুৰণি এন্টিবায়টিককে কাম নকৰা হৈছে । পৰিস্থিতি জটিল হৈ পৰিছে ।

 

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ (আইচিএমআৰ) এএমআৰ চাৰ্ভিলেন্স নেটৱৰ্কৰ ২১টা কেন্দ্ৰৰ পৰা ছবছৰীয়া তথ্য সংগ্ৰহ কৰি এন্টি-মাইক্ৰ’বিয়াল ৰেজিষ্টেন্স (এএমআৰ) বিশ্লেষণ কৰা হৈছিল। যেতিয়া এন্টিমাইক্ৰ’বিয়াল ঔষধে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু অন্যান্য পৰজীৱীৰ দ্বাৰা হোৱা সংক্ৰমণ হ্ৰাস কৰাত আৰু কাম নকৰে, তেতিয়া পৰিস্থিতিটোক ‘এণ্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ বুলি কোৱা হয়। ৰোগীৰ সংক্ৰমণ বেছি বেয়া হৈ পৰে আৰু মৃত্যু হ’ব পাৰে। আই আই টি দিল্লী আৰু আই চি এম আৰৰ গৱেষকসকলে ‘ইমাৰ্জিং ট্ৰেণ্ডছ ইন এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স ইন ব্লাডষ্ট্ৰিম ইনফেকচনছ: মাল্টিচেণ্ট্ৰিক লংটিউডিনেল ষ্টাডি ইন ইণ্ডিয়া (২০১৭-২০২২)’ শীৰ্ষক অধ্যয়ন কৰিছিল। কাকতখনে কয় যে এএমআৰে মহামাৰীৰ  স্তৰত উপনীত হৈছে আৰু বিশ্বজুৰি ভাবুকিৰ সৃষ্টি কৰিছে ৷ এই অধ্যয়নত দেশত ৰোগীৰ তেজৰ সংক্ৰমণত এন্টিমাইক্ৰ’বিয়াল প্ৰতিৰোধ ক্ষমতা কেনেদৰে গঢ় লৈ উঠিছে সেই বিষয়ে পৰীক্ষা কৰা হৈছিল।

 

অধ্যয়ন অনুসৰি এপেনেম আৰু মেৰ’পেনেমৰ দৰে এন্টিবায়টিকৰ দ্বাৰা মাহৰ পিছত মাহ ধৰি এ এম আৰ বৃদ্ধি পাইছে। ক্লেবচিয়েলা, ই কলাই, এচিনেট’বেক্টেৰ আদি বেক্টেৰিয়াৰ তেজৰ সংক্ৰমণৰ ক্ষেত্ৰত ইয়াৰ চিকিৎসাত এই দুবিধ ঔষধ ব্যৱহাৰ কৰা হয়। ক্লেবচিয়েলা আৰু এচিনেট’বেক্টেৰ বেক্টেৰিয়াৰ সংক্ৰমণে চিকিৎসালয়ত আহৰণ কৰা ৰোগীৰ এ এম আৰ বৃদ্ধি কৰা দেখা গৈছে। ই.কলাই আৰু ক্লেবচিয়েলাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা চেফাল’স্প’ৰিন আৰু ফ্ল’ৰ’কুইনোলন অকাৰ্যকৰী।

 

এই অধ্যয়নে কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ২০১৯ চনত এ এম আৰত ৪.৯৫ শতাংশ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এনেদৰে চলি থাকিলে ২০৫০ চনৰ ভিতৰত প্ৰতি বছৰে কমেও ১ কোটি লোকৰ মৃত্যু হ’ব। নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব। গৱেষণা পত্ৰখনৰ মতে, এএমআৰে ‘বহনক্ষম উন্নয়নৰ লক্ষ্য’ (এছডিজি)ক ক্ষতিগ্ৰস্ত কৰিব। ফলত ২০৩০ চনৰ ভিতৰত লাখ লাখ লোক চৰম দৰিদ্ৰতাত ভুগিব ৷ এ এম আৰৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত আছে ভাৰত। গৱেষকসকলে কয়, “এএমআৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। অধিক গৱেষণাৰ প্ৰয়োজন। এই খণ্ডত অধিক ধনৰ প্ৰয়োজন। চৰকাৰে এক ফলপ্ৰসূ নীতি গ্ৰহণ কৰিব লাগিব।“

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

আইপিএলৰ ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ, প্লে অফত লজ্জাজনক নজিৰ আৰচিবিৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আইপিএলৰ ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ, প্লে অফত লজ্জাজনক নজিৰ আৰচিবিৰ

আইপিএলৰ ট্ৰফীৰ দৌৰৰ পৰা বাহিৰ, প্লে অফত লজ্জাজনক নজিৰ আৰচিবিৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7