গুৱাহাটীৰ হেঙেৰাবাৰীত অনুষ্কা শইকীয়া নামৰ যুৱতী গৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ ৰহস্য আজিও ভেদ হোৱা নাই ৷ যুৱতী গৰাকীৰ মাতৃয়ে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷ লগতে অনুষ্কাৰ ভাড়াঘৰৰ মালিক আৰু বন কৰা মহিলালৈ মাতৃয়ে সন্দেহৰ আঙুলি টোৱাইছে ৷ ইয়াৰ মাজতে আৰক্ষীৰ ৰাডাৰত আছে অনুষ্কাৰ প্ৰেমিক ৷
আজি দিছপুৰ থানাত আৰক্ষীৰ নির্দেশ মর্মে হাজিৰ হয় অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়া ৷ৰাহুলৰ ওপৰত সন্দেহ উপজিছে আৰক্ষীৰ। প্ৰাপ্ত তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে অনুষ্কাই ছচিয়েল মিডিয়াত লিখিছিল এটা বিশেষ ষ্টেটাছ ৷ কিন্তু ৰহস্যজনকভাৱে অনুষ্কাৰ মৃত্যুৰ পাছত পোষ্টটো ডিলিট কৰি দিয়া হৈছিল । কোনে অনুষ্কাৰ ষ্টেটাছ ডিলিট কৰিছিল তাক লৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ? সেই সন্দৰ্ভতে প্ৰেমিক ৰাহুলৰ ওপৰত সন্দেহ আৰক্ষীৰ। তদুপৰি মৃত্যুৰ পূর্বে ৰাহুললৈ মেছেজ দিছিল অনুষ্কাই ৷
আনহাতে, অনুষ্কাই ভাড়াতীয়া হিচাপে থকা ঘৰটোৰ বনকৰা মহিলা জুনু বৰাকো পুৱা থানালৈ মাতিছিল আৰক্ষীয়ে। সেই অনুসৰি পুৱাই থানাত হাজিৰ হয় জুনু বৰা।উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়াঘৰত ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।