অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলৰ উদ্যোগত আজি অনুষ্ঠিত হয় এক সজাগতা কার্যসূচী ৷ নাৰেংগীস্থিত এপিডিচিএলৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সজাগতা কার্যসূচীৰ বিষয় আছিল –“যৌন নির্যাতনৰ বিৰুদ্ধে মাত মাতিবলৈ কেতিয়াও লাজ নকৰিব” ৷ এপিডিচিএলৰ ইণ্টাৰনেল কমিটীয়ে এই কার্যসূচীৰ আয়োজন কৰে ৷
কার্যসূচীৰ আৰম্ভনিতে আদৰণি ভাষণ প্ৰদান কৰে এপিডিচিএলৰ ইণ্টাৰনেল কমিটীৰ সদস্য শ্বাহানাৰা ফিৰদৌছী আলীয়ে ৷ কমিটীৰ প্ৰিজাইডিং অফিচাৰ ৰিজুমনি শর্মাইয়ো ভাষণ প্ৰদান কৰে অনুষ্ঠানত ৷ কমিটীৰ সদস্য আহ্বায়ক ৰুণামণি ভূঞাই পিঅ’এছএইচ আইনৰ ওপৰত আলোকপাত কৰে ৷
এপিডিচিএলৰ ইণ্টাৰনেল কমিটীৰ বহিঃ সদস্য ববিতা শইকীয়াই “ সম্যক ধাৰণা আৰু গোচৰ অধ্যয়ন” বিষয়ক সত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ এপিডিচিএলৰ ইণ্টাৰনেল কমিটীৰ সদস্য মানস প্ৰতীম হাজৰিকাই পিঅ’এছএইছ আইনৰ বিধান সন্দৰ্ভত অনুষ্ঠিত সত্ৰত অংশগ্ৰহণ কৰে ৷অনুষ্ঠানত এপিডিচিএলৰ ইণ্টাৰনেল কমিটীৰ সদস্য চিন্ময় কুমাৰ শর্মা বৰদলৈয়ে ভাষণ প্ৰদান কৰে ৷ এপিডিচিএলৰ ইণ্টাৰনেল কমিটীৰ সদস্য পম্পী বৰাই শলাগৰ শৰাই আগবঢ়ায় ৷