অতি স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত ১১,২৩৬ গৰাকী প্ৰাৰ্থীক আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিলে নিযুক্তি পত্ৰ ৷ সামাজিক মাধ্যম যোগে এই মন্তব্য কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে ৷
আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী ৷ মেধাৰ ভিত্তিত প্ৰাৰ্থী সকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা এই বিশাল সমাৰোহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুঠ ২৪ টা বিভাগত ১১,২৩৬ গৰাকী সফল প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ ইয়াৰ ভিতৰত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২৭৭ জন প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে বুলি জানিব পৰা গৈছে ৷
আনহাতে আজি নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যম যোগে উক্ত অনুষ্ঠানত উপস্থিত থকাৰ অনুভৱ ব্যক্ত কৰাৰ লগতে নিযুক্তি প্ৰদানৰ কেইখনমান আলোকচিত্ৰ সামাজিক মাধ্যমত আপলোড কৰি মন্ত্ৰী ৰাঞ্জিত কুমাৰ দাসে কয় যে আগন্তুক দিনবোৰতো তেওঁলোকে অতি নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকিব পাৰিব বুলি তেওঁ আশাবাদী ৷ ৷