সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত আৰম্ভ হ’ল ৰাজ্যৰ অন্যতম বৃ্হৎ এপিএছচি কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়া।
আজি বক্ৰ প্ৰক্ৰিয়াৰে চাকৰি লোৱা ৭০ জনকৈ ৰাজকৰ্তৃত্ব বিষয়াক হাজিৰ কৰোৱা হৈছে বিশেষ ন্যায়াধীশ আদালতত।অসম আৰক্ষীৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত চলা অনুসন্ধানত ৭৪ জন প্ৰাৰ্থীৰ বিৰুদ্ধে কপি চাৰ্ভ কৰা হয়।
পৰৱৰ্তী চাৰ্জ ফ্ৰেমিঙৰ তাৰিখ ২৫ অক্টোবৰ ধাৰ্য কৰা হৈছে আৰু চাৰ্জ ফ্ৰেমিঙৰ পিছতেই ৰাজ্যৰ এই বিয়াগোম কেলেংকাৰীৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে জনোৱা মতে এই গোচৰ প্ৰক্ৰিয়াত দুই পক্ষৰ শুনানী গ্ৰহণ কৰা হ’ব।ইয়াৰোপৰি তদন্তকাৰী বিষয়াজনে উল্লেখ কৰা অনুসৰি নতুনকৈ ধৰা পৰা প্ৰাৰ্থীসকলৰ সন্দৰ্ভতো তদন্ত অব্যাহত আছে।
প্ৰায় ২০-২৫ জন নতুন প্ৰাৰ্থীৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে এই বিশেষ তদন্তকাৰী দলে।এই প্ৰক্ৰিয়া অন্ত পৰিবলৈ প্ৰায় ২-৩ মাহ সময়ৰ প্ৰয়োজন হ’ব বুলিও উল্লেখ কৰে তদন্তকাৰী বিষয়া পানেচৰে।
অৱশ্যে বিপ্লৱ শৰ্মা আয়োগৰ সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে বিষয়াজন।উল্লেখযোগ্য যে ২০১৬ চনতে ডিব্ৰুগড় আৰক্ষীয়ে এই ৭৪ জন ৰাজকৰ্তৃত্ব বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল।
অভিযোগ অনুসৰি বৃ্হৎ ধনৰ লেনদেনত এই ৭৪ জন প্ৰাৰ্থীয়ে এপিএছচিৰ উচ্চ পদস্থ বিষয়াৰ চাকৰি লৈছিল আৰু তাৰপিছতে এই ৭৪ জন উচ্চপদস্থ বিষয়া ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছিল।
আজি এই কেলেংকাৰীত অভিযুক্ত হোৱা ৭৪ জন বিষয়াৰ বিৰুদ্ধে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰিছে।