আজিৰে পৰা আৰম্ভ হৈছে অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা। এই পৰীক্ষা ২৩৫টা পদৰ বাবে অনুষ্ঠিত হৈছে ৷ এই পৰীক্ষাত ২,৮২১ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷আজিৰে পৰা পৰীক্ষা অনুষ্ঠিত হোৱা ২৩৫পদৰ ভিতৰত অসামৰিক সেৱাৰ বাবে আছে ৪৫টা পদ। একেদৰে আৰক্ষী সেৱাৰ বাবে ৩৫টা, বিত্ত সেৱাৰ বাবে ১৩টা, এ এ অ’ পদৰ বাবে ১০৭টা, ইন্সপেক্টিং অডিটৰ বাবে ১১টা পদ আছে ।
ইয়াৰোপৰি কৰ অধীক্ষকৰ বাবে আছে ১টা পদ। একেদৰে আবকাৰী অধীক্ষকৰ বাবে ১টা, বি ডি অ’ৰ বাবে ৬টা, এ আৰ চি এছৰ বাবে ৪টা, কৰ পৰিদৰ্শকৰ বাবে ৪টা, শ্ৰম পৰিদৰ্শকৰ বাবেও আছে ৪ টা পদ । আনহাতে সহকাৰী নিয়োগ বিষয়াৰ পদৰ বাবে ১টা আৰু উপ পঞ্জীয়ক পদৰ বাবে ৩টা পদ ধাৰ্য্য কৰা হৈছে।
উল্লেখ্য যে এইবাৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰশ্নৰ ব্যৱস্থা কৰা হৈছে ৷ এই নতুন ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোকসেৱা আয়োগক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷