অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰিত অভিযুক্ত ২১ জন ৰাজপত্ৰিত বিষয়াক নিলম্বিত কৰা হৈছে ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে ৷ আজি এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয় –“ন্যায়াধীশ বিপ্লৱ শর্মাৰ আয়োগে যিবিলাক নাম আমাৰ হাতত দিছিল , প্ৰত্যেকটো নাম চালিজাৰি চায় , যিসকলে অতিৰিক্ত নম্বৰ লাভ কৰাৰ বাবে চাকৰি লাভ কৰিছে, সকলোকে আমি নিলম্বিত কৰিছো ৷ কিন্তু কিছুমান বিষয়া আছে যিসকলে আনফালে হ’লেও এপিএছচি পালেহেতেন ৷ গতিকে সেইটো এটা বেলেগ শ্ৰেণী ৷যিসকলে নাপালেহেতেন সেইটো এটা বেলেগ শ্ৰেণী ৷ সেইধৰণে আমি এটা এটাকৈ ব্যৱস্থা লৈছো ৷ কাৰোবাৰ অপৰাধমূলক ব্যৱস্থা হৈছে, কাৰোবাৰ বিভাগীয় ব্যৱস্থা হৈছে ৷ আগৰো যদি আয়োগে কাৰোবাৰ নাম দিছে , যিসকল ২০১৪ চনৰ পূর্বৰ , তেওঁলোকৰ বিৰুদ্ধেও আমি ব্যৱস্থা ল’ব পাৰিম ৷ কিন্তু এতিয়ালৈ আমাৰ হাতলৈ তেনেকুৱা নাম অহা নাই ৷ কিয়নো নাম আহিলেই নহ’ব , নথি থাকিব লাগিব ৷ ফৰেনচিক হ’ব লাগিব ৷”