অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত চার্জশ্বিট দাখিল কৰিছে এছআইটিয়ে ৷ ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত চার্জশ্বীটখন দাখিল কৰা হৈছে ৷ তিনি অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে চার্জশ্বীটখন ৷ ধৃত শ্বাহজাহান সৰকাৰ, ঐশ্বর্য্য জীৱন বৰুৱা আৰু ৰাকেশ দাসৰ বিৰুদ্ধে দাখিল কৰা হৈছে চার্জশ্বীট ৷
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে গঠিত বি কে শর্মা ন্যায়িক আয়োগে ২০১৩ আৰু ২০১৪ বর্ষত অনুষ্ঠিত পৰীক্ষাৰ অনিয়মৰ তদন্ত কৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল ৷ ইয়াৰ ভিত্তিত ৰাজ্য চৰকাৰে গঠন কৰা এছআইটিয়ে তদন্ত কৰি ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰে তিনিজনৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰা হৈছে ৷ ইয়াৰ পূর্বে অসম আৰক্ষীয়ে এপিএছচি গোচৰত ১১ খন চার্জশ্বীট দাখিল কৰিছিল ৷ এছআইটিৰ এইখন প্ৰথম চার্জশ্বীট ৷
ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ইতিমধ্যে ২৪ জন বিষয়াক নিলম্বন কৰা হৈছে ৷ তদুপৰি তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷