কেৱল চৰকাৰী চাকৰি কৰা লোক সকললৈ বৰ্তমান সময়ত চৰকাৰে আগবঢ়োৱা সা-সুবিধা সমূহৰ প্ৰতি লক্ষ কৰি জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক যোগে চৰকাৰৰ ওচৰত কেইটমান প্ৰশ্ন উত্থাপন কৰিছে অসমৰ গুৱাহাটী মহানগৰীৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী মহিলাই ৷ তেওঁৰ এই প্ৰশ্নৰ প্ৰত্যুত্তৰত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও উচ্চ শিক্ষিতা মহিলা গৰাকীয়ে চৰকাৰৰ পৰা বিচাৰিছে সঠিক উত্তৰ ৷
নমিতা দাস নামৰ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা গুৱাহাটীৰ এই উচ্চ শিক্ষিতা মহিলাগৰাকীয়ে প্ৰশ্ন কৰিছে যে-
- চৰকাৰে কিয় কেৱল চৰকাৰী চাকৰি কৰা সকলক হে সকলো সুবিধা কৰি দিয়ে , ব্যক্তিগত খণ্ডত কাম কৰা সকল মানুহ নহয় নেকি?
- ব্যক্তিগত খণ্ডত কাম কৰা সকলৰ শিক্ষাৰ কোনো মূল্য নাই নেকি ?
- অথবা এইসকলক ব্যক্তিক ঘৰ-সংসাৰ চলাবলৈ টকা-পইচাৰ প্ৰয়োজন নহয় নেকি ?
- তেওঁলোকে নিজৰ সন্তানক শিক্ষিত কৰি ভৱিষ্যৎ সুৰক্ষিত কৰিব নালাগে নেকি ?
আনহাতে সামাজিক মাধ্যম ফেচবুক যোগে মহিলা গৰাকীয়ে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছে যে চৰকাৰে ব্যক্তিগত খণ্ডত কৰ্মৰত ব্যক্তিসকলৰ বাবেও যেন এনে কিছুমান সা-সুবিধা আগবঢ়াই যাৰ ফলত তেওঁলোকেও নিজৰ পৰিয়ালটোৰ লগতে সন্তানৰ ভৱিষ্যতো সুৰক্ষিত কৰিব পাৰে ৷
এতিয়া সময়তহে লক্ষণীয়া হ’ব যে মহিলা গৰাকীৰ এই প্ৰশ্নৰ উত্তৰত কি কয় আৰু কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে শাসনাধিস্থিত চৰকাৰখনে ?