কভিদ মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত মানৱ সমাজে ধন জন সকলো হেৰুৱাই মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে।
অসমবাসীক এইক্ষেত্ৰত কিছু সকাহ যোগাবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা মনোজ্ঞ নামেৰে এক টল ফ্ৰি সেৱা মুকলি কৰিছে।
মানসিক উদ্বিগ্নতাত ভুগি থকাসকলে ট’ল ফ্ৰী নম্বৰ ১৪৪১০ ত ফোন কৰি মনৰ কথা প্ৰকাশ কৰি পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
কভিদত আক্ৰান্ত হৈ সাহায্য শিবিৰত থাকিবলগীয়া হোৱাৰ উদ্বিগ্নতা, বৰ্তমান বা ভৱিষ্যতক লৈ উদ্বিগ্নতা, কভিদত আত্মীয়জনক হেৰুৱাই, জীৱিকা হেৰুৱাই ভাৰাক্ৰান্ত হোৱাসকলে পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই পদক্ষেপে মানসিক চাপত ভুগি থকা লোকসকলক এক সকাহ প্ৰদান কৰিব।