ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ নতুন পৰিচয় হৈছে কয়দী নম্বৰ এন ৯৫৬৷মুম্বাইৰ আর্থাৰ ৰোড জেলত অহা ২০ অক্টোবৰ পর্যন্ত থাকিব লাগিব আৰিয়ান৷ যোৱা ৮ অক্টোবৰত আদালতে আৰিয়ানৰ জামিন আবেদন নাকচ কৰিছিল৷ কাৰাগাৰত থকাৰ সময়তে আৰিয়ানক পৰিয়ালৰ সৈতে ভিডিঅ’ কলযোগে কথা পাতিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷ কালি আৰিয়ান খানে পিতৃ শ্বাহৰুখ খান আৰু মাতৃ গৌৰী খানৰ সৈতে ১০ মিনিট কথা পাতে ৷ এই কথা বতৰাৰ পাছতে আৰিয়ানলৈ পৰিয়ালৰ ফালৰ পৰা ৪,৫০০ টকা মনিঅর্ডাৰ কৰা হয় ৷ ২৩ বছৰীয়া আৰিয়ানে জেলত নাপাব বিশেষ সা-সুবিধা ৷ সাধাৰণ কয়দীৰ দৰেই থাকিব লাগিব আৰিয়ান খান৷