ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলি্উডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক আজি কোনো সকাহ প্ৰদান নকৰিলে আদালতে৷ এনচিবিয়ে উত্তৰ প্ৰদান কৰাৰ পাছত মুম্বাই সত্ৰ ন্যায়াধীশৰ আদালতে আৰি্যানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ মান্তি হয় যদিও শুনানিৰ দিন অহা বুধবাৰে ধার্য কৰে৷অর্থাৎ বর্তমান জেলতে থাকিব লাগিব শ্বাহৰুখ তনয়৷ ইয়াৰ পুর্বে মুম্বাই আদালতে আৰিয়ানৰ জামিন নাকচ কৰিছিল৷ মুম্বাই আদালতে আৰিয়ানসহ ৮ জনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷ ২ অক্টোবৰৰ নিশা এনচিবিয়ে আৰিয়ান আৰু তেওঁৰ সংগীসকলক গ্ৰেপ্তাৰ কৰিছিল৷