ছত্তীশগড়ৰ ৰায়গড়ৰ নিবাসী বৃদ্ধ দম্পত্তি সুভাষ ত্ৰিপাঠী আৰু আশা ত্ৰিপাঠীক শান্তনা দিব পৰাকৈ বৰ্তমান যেন কাৰো শক্তি নাই ৷মণিপুৰৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি পুত্ৰ বোৱাৰী আৰু নাতিৰ স’তে দেৱালী উদযাপন কৰিবলৈ ছত্তিশগড়ৰ ৰায়গড়ৰ নিবাসী ত্ৰিপাঠী দম্পত্তি আহি উপস্থিত হৈছিলহি মণিপুৰত দেশমাতৃৰ সেৱাত কৰ্মৰত পুত্ৰ কৰ্নেল বিপ্লৱ ত্ৰিপাঠীৰ বাসগৃহত৷ কিন্তু দেৱালী উদযাপনৰ কেইদিনমান পিছতেই ১৩ নৱেম্বৰৰ দিনা সন্ধিয়া হঠাৎ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ হোৱা কৰ্নেল পুত্ৰ সহিতে নাতি আৰু বোৱাৰীৰ মৃত্যুৰ সংবাদ পাই সাংঘাতিক ভাৱে ভাগি পৰিছে দুয়োগৰাকী বৃদ্ধ পিত৩ মাতৃ৷বিয়লি এই দুঃসংবাদ ছত্তীশগড়ৰ ৰায়গড়ৰ বিশিষ্ট সাংবাদিক তথা কৰ্নেল বিপ্লৱৰ পিতৃ সুভাষ ত্ৰিপাঠীৰ পৰিয়ালে লাভ কৰাৰ লগে লগেই ৰায়গড়ত এক অবৰ্ণনীয় শোকাকূল পৰিবেশৰ সৃষ্টি হয়৷
মণিপুৰৰ চূড়াচান্দপুৰ বেহিয়াঙত শণিবাৰে শ্বহীদ হোৱা অসম ৰাইফলছৰ কণভয়ৰ ওপৰত সুপৰিকল্পিতভাৱে আক্ৰমণ চলোৱাৰ কথা সদৰী কৰিছে মণিপুৰত সক্ৰিয় হৈ থকা দুই সশস্ত্ৰ সংগঠন পিপলছ লিবাৰেচন আৰ্মি আৰু মণিপুৰ নাগা পিপল ফ্ৰণ্টে ৷দুই সংগঠনৰ ৩০জনীয়া সশস্ত্ৰ সদস্যৰ দলে এই আক্ৰমণ কৰিছিল যদিও সামৰিক বাহিনীৰ কৰ্নেলজনৰ পত্নী-পুত্ৰ কনভয়টোত থকাৰ বিষয়ে তেওঁলোক অৱগত নাছিল বুলি জানিবলৈ দিয়ে৷ আনহাতে নিৰাপত্তা বাহিনীয়ে এই কথা মানি লোৱা নাই আৰু এই ঘটনাৰ সৈতে জড়িত আক্ৰমণকাৰীৰ সন্ধানত মণিপুৰত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷চীনৰ পৰা ম্যানমাৰৰ মাজেৰে অঞ্চলটোৰে অবৈধ অস্ত্ৰৰ সৰবৰাহ অব্যাহত থকাৰ বাবেই উগ্ৰপন্থী সংগঠনবোৰ সক্ৰীয় হৈ উঠিছে বুলি নিৰাপত্তা বাহিনীৰ সূত্ৰই৷
উক্ত ঘটনাত কৰ্নেল ত্ৰিপাঠীৰ লগতে শ্বহীদ হয় নাগালেণ্ডৰ খাটনেই কন্যাক, বাক্সাৰ সুমন স্বৰ্গীয়াৰী,ৰাজস্থানৰ আৰ পি মীনাৰ দৰে অসামৰীক বাহিনীৰ কেইবাগৰাকীও বীৰ জোৱান৷
দেশমাতৃৰ সেৱাত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদকে আমাৰ তৰফৰ পৰাও যাঁচিছো সশ্ৰদ্ধ প্ৰণিপাত৷