কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা সেনা বাহিনীৰ জুম নামৰ কুকুৰটোৰ আজি মৃত্যু ঘটে ৷ আঘাতপ্ৰাপ্ত কুকুৰটোৰ সম্পন্ন কৰা হৈছিল অস্ত্ৰোপচাৰ ৷ ‘জুম’ৰ বৃহস্পতিবাৰে মৃত্যু হোৱা বুলি সেনা বিষয়াসকলে জানিবলৈ দিয়ে।
এক বিবৃতিত সেনাই কয়, “৫৪ এ এফ ভি এইচ (এডভান্স ফিল্ড ভেটেৰিনেৰী হস্পিতাল)ত চিকিৎসাধীন সেনাৰ কুকুৰ জুমৰ আজি দুপৰীয়া প্ৰায় ১২ বজাত মৃত্যু হয় ৷” উল্লেখ্য যে অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত ‘জুম’ আঘাতপ্ৰাপ্ত হয়।দুটা গুলীয়ে জুমক আঘাতপ্ৰাপ্ত কৰিছিল ৷
সেনাই প্ৰকাশ কৰা অনুসৰি উগ্ৰপন্থীৰ দুটাকৈ গুলীয়ে আঘাত কৰাৰ পাছতো জুমে নিজৰ কাম অব্যাহত ৰাখিছিল ৷ যাৰ ফলত দুজন সন্ত্ৰাসবাদীক সেনাই গুলীয়াই হত্যা কৰে ৷ আক্ৰমণকাৰী কুকুৰটো আছিল অপাৰেচন টাংপাৱাছৰ যুদ্ধ দলৰ অংশ।অনন্তনাগত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী। ‘জুম’ৰ উপৰিও এই এনকাউণ্টাৰত দুজন জোৱানো আহত হয়।