জম্মু-কাশ্মীৰত পুনৰ সেনা-উগ্ৰপন্থীৰ মাজত সংঘর্ষ হৈছে । কুলগাম জিলাত সেনা-উগ্ৰপন্থী সংঘৰ্ষৰ সময়ত উগ্ৰপন্থীৰ গুলীচালনাত তিনি সেনা জোৱান নিহত হয়। সেনা সূত্ৰৰ মতে, শুকুৰবাৰে সন্ধিয়া কুলগামৰ হালান বনাঞ্চলত উগ্ৰবাদীৰ সন্দেহজনক গতিবিধি ধৰা পৰাৰ লগে লগে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।
যৌথ বাহিনীয়ে বনাঞ্চলখনৰ নির্দিষ্ট স্থান চৌদিশৰ পৰা ঘেৰাও কৰাৰ সময়তে উগ্ৰপন্থীয়ে সেনা-অৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। উগ্ৰপন্থীৰ গুলীচালনাত তিনিজন জোৱান নিহত হয়। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, অঞ্চলটোলৈ সশস্ত্ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷
ভাৰতীয় সেনাই এক টুইটত কয় ‘কুলগামৰ হালানত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰি শুকুৰবাৰে সন্ধিয়া নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। সংঘর্ষত তিনি শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ লগতে শ্বহীদ হয়। এতিয়াও অব্যাহত আছে অনুসন্ধান অভিযান।“
সেনাই এই অঞ্চললৈ অধিক সৈন্য প্ৰেৰণ কৰি অনুসন্ধান অভিযান অধিক শক্তিশালী কৰাৰ কথাও অৱগত কৰিছে। প্ৰসংগক্ৰমে এপ্ৰিল আৰু মে’ মাহত পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত দুটা পৃথক উগ্ৰপন্থী আক্ৰমণত ভাৰতীয় সেনাৰ ১০ জন জোৱান নিহত হৈছিল।