নিয়মীয়া চেনিৰ বিকল্প হিচাপে ডায়েবেটিছ ৰোগীৰ মাজত কৃত্ৰিম চেনি জনপ্ৰিয় হৈ পৰিছে। স্বাস্থ্য সচেতন লোকসকলেও এই চেনি খাদ্যত ব্যৱহাৰ কৰি শৰীৰৰ কেলৰিৰ মাত্ৰা হ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে। “নেচাৰ মেডিচিন”ত প্ৰকাশিত গৱেষণাৰ মতে কৃত্ৰিম চেনিত থকা “এৰিথ্ৰিটল” নামৰ যৌগ এবিধে তেজ জমা হোৱা, ষ্ট্ৰোক, হাৰ্ট এটেক, আনকি মৃত্যুও ঘটাব পাৰে। কোৱা হৈছে যে, যোৱা ৩ বছৰত হৃদৰোগৰ লগত জড়িত সকলো মৃত্যুৰ কোনোবা নহয় কোনোবা প্ৰকাৰে এই ‘এৰিথ্ৰাইটল’ৰ সৈতে জড়িত ৷ কিন্তু গৱেষকসকলে এইটোও কয় যে এই যৌগটোক নিশ্চিতভাৱে জগৰীয়া কৰাৰ আগতে অধিক গৱেষণাৰ প্ৰয়োজন।
কিন্তু এই ‘এৰিথ্ৰাইটল’ যৌগটো ঠিক কি?
২০১১ চনত নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যন (এন চি বি আই)ৰ এক অধ্যয়নত কোৱা হৈছে যে এই যৌগটোৰ সোৱাদ চেনিৰ দৰে যদিও ইয়াত চেনিৰ দৰে কোনো কেলৰি নাই। ছৰবিটল বা জাইলিটলৰ দৰে এৰিথ্ৰাইটল হৈছে ফল-মূলত প্ৰাকৃতিকভাৱে পোৱা এলকহল। কিন্তু পুষ্টিবিদসকলৰ মতে এই যৌগটোৱে অতিৰিক্ত কেলৰি নোহোৱাকৈ চেনিৰ দৰে মিঠা প্ৰদান কৰিব পাৰে। কিন্তু সমস্যাটো হ’ল, এই ‘এৰিথ্ৰিটল’টো যদি কৃত্ৰিমভাৱে তৈয়াৰ কৰা হয়, তেন্তে ইয়াৰ ফল বিপৰীত হৈ পৰে ।
এই যৌগটো শৰীৰৰ বাবে কিয় ক্ষতিকাৰক?
যদিও ফলমূল আৰু শাক-পাচলিত প্ৰাকৃতিকভাৱে পোৱা এৰিথ্ৰাইটল ভাল, তথাপিও এই কৃত্ৰিম যৌগটোৱে শৰীৰৰ বিপাকীয় হাৰ লেহেমীয়া কৰিব পাৰে। এই যৌগটো তেজৰ সলনি প্ৰস্ৰাৱত মিহলি হয়। চিকিৎসকৰ মতে, যদিও বিভিন্ন অধ্যয়নত এই যৌগটোক হৃদৰোগৰ সৈতে সম্পৰ্কিত কৰা হৈছে, তথাপিও কৃত্ৰিম চেনিৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে কোনেও বিশেষ একো ক’ব নোৱাৰে। গতিকে যদি আন কোনো শাৰীৰিক জটিলতা নাথাকে তেন্তে কৃত্ৰিম চেনি কেইদিনমান সেৱন কৰি ওজন কমাব পাৰি।