VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰুণি কাশ্যপলৈ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ, এই সন্মান লাভ কৰা প্ৰথম অসমীয়া

voicedesk by voicedesk
May 11, 2024
in মুখ্য সংবাদ
আৰুণি কাশ্যপলৈ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ, এই সন্মান লাভ কৰা প্ৰথম অসমীয়া
0
SHARES
205
VIEWS
Share on FacebookShare on Twitter

 

অসমীয়া লেখক-সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইন্ষ্টিটিউট অফ এডভান্চড্ ষ্টাডিয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় ৫০ জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰে ৷ ইয়াৰে ভিতৰত এজন হিচাপে  অসমীয়া সাহিত্যিক গৰাকীয়ে এই সন্মান লাভ কৰিছে ৷আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰিছে ৷

 

 

যোৱা প্ৰায় সাত দশকযুৰি এই সন্মান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে প্ৰায় ১৫০০ ব্যক্তিক প্ৰদান কৰি আহিছে যদিও উপন্যাস-গল্প-কবিতাৰ শাখাত মাত্ৰ ৭৯-জন ব্যক্তিয়েহে এই সন্মান লাভ কৰিছে ৷ তাৰে ভিতৰত আছে নাইজিৰিয়াৰ বিস্ববিখ্যাত উপন্যাসিক আৰু মেক আৰ্থাৰ জিনিয়াচ সন্মান আৰু অৰেন্জ প্ৰাইজ ফৰ ৱিমেনচ্ ৰাইটিং বঁটা লাভ কৰা চিমানমান্দা এডিচি, পুলিটজাৰ প্ৰাইজ পোৱা কবি জেৰিক’ ব্ৰাইন, পুলিটজাৰ বঁটা লাভ কৰা উপন্যাসিক হুন’ত দিয়াজ, মেক আৰ্থাৰ জিনিয়াচ গ্ৰান্ট লাভ কৰা কিয়েসে লেম’ন, ৱিমেনচ্ প্ৰাইজ ফৰ ফিকচন বঁটা লাভ কৰা উপন্যাসিক টায়াৰি জ’নচ, ইত্যাদি ৷ হাৰ্ভাৰ্ড ৰেডক্লিফ ফেল’শ্বিপ এটা বিৰল সন্মান আৰু ই একো একোজন লেখকৰ কৰ্মজীৱনত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলায় বুলি ধৰা হয় ৷ আৰুণি কাশ্যপ এই সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যক ৷

 

 

বৰ্ত্তমান যুক্তৰাস্ট্ৰৰ ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং(সৃজনীমূলক লিখনি) কাৰ্যক্ৰমৰ সঞ্চালক ৷ তেওঁ ইংৰাজী সাহিত্যৰ শিক্ষা লাভ কৰে দিল্লীৰ চেন্ট্ স্টিফেন্চ কলেজত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিনেচটা ৰাজ্যিক বিশ্ববিদ্যালয়ত ৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে সাহিত্যচৰ্চা কৰা অতি কম লেখকৰ মাজৰ এজন হৈছে আৰুণি কাশ্যপ  ৷ সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত পেংগুইনৰ দ্বাৰা প্ৰকাশিত “দ্য হাউচ ৱিথ এ থাউজেন্ড স্টৰিজ“ শীৰ্ষক উপন্যাসখনৰ জৰিয়তে ২০১৩ চনত ইংৰাজী সাহিত্য জগতত আত্মপ্ৰকাশ কৰা আৰুণিয়ে অতি কম বয়সৰে পৰা ২০০১ চনৰে পৰা অসমীয়া ভাষাত সাহিত্য প্ৰকাশ কৰি আহিছে ৷ আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত প্ৰথম অসমীয়া গল্প প্ৰচাৰ হোৱাৰ পাছত আৰুণিৰ গল্প, প্ৰবন্ধ আৰু উপন্যাস “সাতসৰী”, “সাদিন”, “আমাৰ অসম” আদি অসমীয়া ভাষাৰ আলোচনী, সাপ্তাহিকী আৰু কাকতত নিয়মিত প্ৰকাশ হৈ আহিছে ৷ তাৰোপৰি আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কাকত-আলোচনী যেনে “দ্য নিউ য়ৰ্ক টাইমচ,” “দ্য গাৰ্ডিয়ান,” “দ্য হিন্দু,” “কেনিয়ন ৰিভিউ,” “দ্য বস্টন ৰিভিউ” ইত্যাদিত নানান বিষয়ৰ প্ৰবন্ধ-গল্প প্ৰকাশ পাইছে ৷ কেইবাখনো অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থৰ লেখক আৰুণি কাশ্যপে ইতিমধ্যে কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে বা তাৰ বাবে মনোনীত হৈছে ৷

 

Previous Post

ৰাজ্যৰ মুখ্য সচিবৰ পুত্ৰ বিধু কোটাৰ নতুন ছবি “ফুল’ছ গ’ল্ড’ৰ অফিচিয়েল ট্ৰেইলৰ মুকলি

Next Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱ, কেইবাখনো গ্ৰন্থ উন্মোচন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱ, কেইবাখনো গ্ৰন্থ উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱ, কেইবাখনো গ্ৰন্থ উন্মোচন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7