আমেৰিকাৰ ৰাজধানীৰ সংলগ্ন মেৰিলেণ্ডৰ লেফটেনেণ্ট গৱৰ্ণৰৰ দৌৰত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান ৰাজনীতিবিদ হিচাপে ইতিহাস ৰচনা কৰে অৰুণা মিলাৰে ।মঙলবাৰে তেওঁ এই পদত জয়ী হয় ৷
মেৰিলেণ্ড হাউছৰ প্ৰাক্তন প্ৰতিনিধি ৫৮ বছৰীয়া মিলাৰ ৱেছ মূৰৰ সৈতে লেফটেনেণ্ট গৱৰ্ণৰৰ পদত নির্বাচনত অৱতীর্ণ হৈছিল ৷ লেফটেনেণ্ট গৱৰ্ণৰ হ’ল গৱর্ণৰৰ পিছত ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ বিষয়া ৷গৱর্ণৰ ৰাজ্যৰ বাহিৰত থাকিলে অথবা অনুপস্থিতিত তেওঁ এই ভূমিকা গ্ৰহণ কৰে।
গৱৰ্ণৰৰ মৃত্যু হ’লে, পদত্যাগ কৰিলে বা পদৰ পৰা অপসাৰণ হ’লেও লেফটেনেণ্ট গৱৰ্ণৰৰ ওপৰত সর্বোচ্চ দায়িত্ব অর্পণ কৰা হয় ৷ মঙলবাৰে সন্ধিয়া ভোটগ্ৰহণ সমাপ্ত হোৱাৰ কিছু সময়ৰ পাছতে মূৰ আৰু মিলাৰক ৰিপাব্লিকান দলৰ প্ৰত্যাহ্বানকাৰীৰ বিৰুদ্ধে নিৰ্বাচিত ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে দুয়োজনেই মূৰ আৰু মিলাৰৰ সপক্ষে প্ৰচাৰ চলাইছিল।
বিজয় লাভ কৰাৰ পাছত মিলাৰে কয় -“মেৰিলেণ্ড, আপোনালোকে আজি জাতিটোক দেখুৱাই দিলে যে গণতন্ত্ৰত বেলটৰ জৰিয়তে এখন সৰু কিন্তু শক্তিশালী ৰাষ্ট্ৰই কি কৰিব পাৰে। আপুনি বিভাজনৰ সলনি ঐক্য, অধিকাৰক বাধা দিয়াৰ সলনি অধিকাৰ সম্প্ৰসাৰণ আৰু ভয়ৰ সলনি আশাক বাছি লৈছে । আপুনি ৱেছ মূৰ আৰু মোক আপোনাৰ পৰৱৰ্তী গৱৰ্ণৰ আৰু লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে বাছি লৈছে ৷” পিতৃ-মাতৃৰ সৈতে আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশত জন্মগ্ৰহণ কৰিছিল মিলাৰে।