উত্তৰ লক্ষীমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ তৰাজুলিত অৰুণাচলী দুৰ্বিত্তৰ অসমৰ মাটি বেদখলৰ অপচেষ্টা। জে চি বি লগাই ভাঙি লৈ গ’ল কেইবাজোপাও গছ। যোৱা মঙ্গল বাৰে অৰুণাচলৰ তানিহাপাৰ স্থানীয় ব্যক্তি ধুংচি তাজুঙৰ সহযোগত নাহৰ লগুণৰ ভূমি দয়াই জে চি বি লগাই ভাঙি নিয়ে মূল্যবান গছ। সীমান্তত থকা এই অঞ্চলটো স্থানীয় ৰাইজে অসম বসুন্ধাৰা আঁচনিৰ অধীনত চৰকাৰীকৰণ কৰি পকী খুটা পুতে যদিও দূৰ্বিত্তৰ হাতৰ পৰা সাৰি নগ’ল এই অঞ্চল। শেষত স্থানীয় ৰাইজে চৰকাৰৰ পুনৰ হস্তক্ষেপ বিচাৰিলে এই সন্দৰ্ভত।