VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৰেশ বৰুৱাৰ প্ৰস্তাৱ নাকচঃ অৰুণাচলবাসী অসমীয়াক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিদিয়ে ইটানগৰে

voicedesk by voicedesk
September 7, 2021
in মুখ্য সংবাদ, জীৱন, ৰাজনীতি, সমাজ
পৰেশ বৰুৱাৰ প্ৰস্তাৱ নাকচঃ অৰুণাচলবাসী অসমীয়াক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিদিয়ে ইটানগৰে
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশ চৰকাৰক ৰাজ্যখনত বসবাস কৰা অসমীয়া লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা পি আৰ চি প্ৰদান কৰিবলৈ আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু সকলোকে হতভম্ব কৰি সেনাধ্যক্ষগৰাকীৰ প্ৰস্তাৱ নাকচ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে।

আলফা স্বাধীনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাইও অৰুণাচলত অতীজৰে পৰা বাস কৰা অসমীয়াভাষী সাতটা জনগোষ্ঠীক ৰাজ্যখনত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আহ্বান জনাইছিল।

উল্লেখযোগ্য যে প্ৰেমা খাণ্ডুৱে এই প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই, কেৱল সামাজিক মাধ্যমৰ পৰাহে জানিব পাৰিছে বুলি মন্তব্য কৰে। 

ইয়াৰ লগতে খাণ্ডুয়ে কয় যে অৰুণাচল প্ৰদেশ চৰকাৰে পি আৰ চি প্ৰদান কৰিব বিচাৰিছিল যদিও অৰুণাচলৰ জনগণে বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰাৰ বাবেই অনাঅৰুণাচলী লোকক পি আৰ চি প্ৰদানৰ পৰা চৰকাৰ বিৰত আছে।

অৱশ্যে এই প্ৰসংগত ইটানগৰত ভয়াবহ সংঘৰ্ষৰ সৃষ্টি হৈছিল। প্ৰতিবাদী জনতাই উপ মুখ্যমন্ত্ৰী চাওনা মেইনৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল আৰু আৰক্ষীৰ গুলীত তিনিজনকৈ প্ৰতিবাদকাৰীৰ প্ৰাণ গৈছিল।

পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ লিখা পত্ৰত পি আৰ চি মঞ্জুৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰি উল্লেখ কৰিছিল যে “অৰুণাচল প্ৰদেশ সদায়েই বছৰ বছৰ ধৰি তাত বাস কৰা অসমীয়া ভাষী লোকসকলৰ প্ৰতি সদয় হৈ আহিছে। আনহাতে ১৯৭২ত নেফা গঠন হোৱাৰ পূৰ্বৰে পৰা প্ৰজন্মৰ পাছত প্ৰজন্ম সেই ভূমিত বাস কৰি অহা বাসিন্দাসকল এতিয়া বিভাজনৰ সংকটৰ সন্মুখীন হৈছে”। 

লগতে লাহে লাহে সংখ্যালঘু হৈ পৰা অসমীয়া লোকসকল অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰাৰ উপৰিও অস্তিত্বৰ সংকটত পৰিছে। এতিয়া অসংখ্য পৰিয়াল উত্তৰাধিকাৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছে। এই অসমীয়া পৰিয়ালবোৰৰ ঐতিহ্য যাতে হেৰাই নাযায় তাৰ বাবে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনাই সেনাধ্যক্ষ গৰাকীয়ে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত বহু দশকজুৰি মৰাণ, আহোম, দেউৰী, আদিবাসী, কছাৰী আৰু অসমীয়া মূলৰ আন লোকসকল বসবাস কৰি আহিছে। এতিয়া অনাগত সময়েহে নিৰ্ধাৰণ কৰিব এইসকল লোকৰ ভৱিষ্যত!

Previous Post

কেনেকৈ চিনাক্ত কৰিব সঠিক কৰ’না ভেকচিন জানো আহক

Next Post

পাম তেলৰ খেতিয়ে মৰুভূমিলৈ পৰ্যবেসিত কৰিব নেকি উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ হেক্টৰ ভূমি?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পাম তেলৰ খেতিয়ে মৰুভূমিলৈ পৰ্যবেসিত কৰিব নেকি উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ হেক্টৰ ভূমি?

পাম তেলৰ খেতিয়ে মৰুভূমিলৈ পৰ্যবেসিত কৰিব নেকি উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ হেক্টৰ ভূমি?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7