দ্যা কাশ্মীৰ ফাইলছ নামৰ ছবিখনক লৈ কৰা মন্তব্যৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত বিজেপিয়ে কালি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল ৷ ইয়াৰ পাছতে বিজেপিয়ে মূখ্যমন্ত্ৰী গৰাকীক হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰকাশ কৰিছিল আপৰ নেতা মণীষ ছিছোডিয়াই ৷ আজি এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰৱিন্দ কেজৰিৱালে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে তেওঁ দেশৰ বাবে প্ৰাণ দিব পাৰে।
দিল্লীত ই-অটোৰ শুভাৰম্ভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় “কেজৰিৱাল গুৰুত্বপূৰ্ণ নহয়, দেশ গুৰুত্বপূৰ্ণ। মই দেশৰ বাবে প্ৰাণ দিব পাৰোঁ ৷” দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশৰ সৰ্ববৃহৎ দলটোৱে এনেধৰণৰ গুণ্ডামি প্ৰদর্শন কৰিব নালাগে ৷ কিয়নো ই দেশৰ যুৱপ্ৰজন্মলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে।
কেজৰিৱালে কয়, “আমি দেশক একেলগে আগুৱাই নিব লাগিব ৷ আমি নিজৰ মাজতে যুঁজ কৰি ৭৫ বছৰ নষ্ট কৰিছো।গুণ্ডামিৰ দ্বাৰা দেশ সমৃদ্ধ নহয় আৰু একবিংশ শতিকাৰ ভাৰতৰ বাবে সকলোৱে একেলগে শান্তিপূৰ্ণভাৱে কাম কৰিব লাগিব।“