ড্ৰাগছ সেৱন কৰাৰ বাবে মুম্বাইৰ পাৰ্টিৰ পৰা আটক কৰা চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আদালতে সাত দিনৰ বাবে পূৰ্বে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।
৭ অক্টোৱৰ তাৰিখে এই সময় সীমা উকলিল। কালি আদালতে পুনৰ ১৪ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
আজি আৰয়ান খানৰ জামিনৰ শুনানি আছে। অধিবক্তা সতীশ মানচিন্দেৰ মতে আৰয়ান খানৰ বিৰুদ্ধে আৰক্ষীৰ হাতত বিশেষ তথ্য নাই। কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াই জনাই যে আৰয়ান খানৰ হোৱাটছ এপৰ জৰিয়তে ড্ৰাগছ ক্ৰয়ৰ প্ৰমাণ পোৱা গৈছে।
আৰয়ান খানৰ গ্ৰেপ্তাৰৰ পিছতে ন্যায় বিচৰা একাংশ লোকৰ স্থিতিৰ ওপৰত সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।