এতিয়াৰ পৰা জেদ প্লাছ নিৰপত্তা বেষ্টনীত থাকিব এআইএমআইএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইচি ৷ উত্তৰ প্ৰদেশৰ মিৰাটত প্ৰচাৰ চলাই দিল্লীলৈ উভতি অহাৰ সময়ত তেওঁৰ কনভয়ক লক্ষ্য কৰি গুলী চালনা কৰাৰ এদিন পাছতে জেদ শ্ৰেণীৰ নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে মিৰাটৰ কিথৌধ অঞ্চলত তেওঁৰ কনভয়ত গুলীচালনা কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে এজন অভিযুক্ত হৈছে নয়দাৰ বাসিন্দা শচীন ৷ তেওঁৰ বিৰুদ্ধে পূৰ্বেও হত্যাকে ধৰি বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। ফেচবুক প্ৰ’ফাইলত নিজকে হিন্দু সোঁপন্থী সংগঠনৰ সদস্য বুলি প্ৰকাশ কৰিছে শচীনে ৷ আনজন অভিযুক্ত হৈছে চাহাৰনপুৰৰ বাসিন্দা শুভম ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোক ওৱেইচি আৰু তেওঁৰ ভাতৃ তথা বিধায়ক আকবৰুদ্দিন ওৱেইচিৰ মন্তব্যত অসন্তুষ্ট হৈ এই আক্ৰমন কৰিছিল বুলি স্বীকাৰোক্তি দিছে ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা হস্ত নির্মিত পিষ্টল উদ্ধাৰ কৰিছে ৷ কিছুদিন পূর্বে তেওঁলোকে এই পিষ্টল ক্ৰয় কৰিছিল। আৰক্ষীয়ে দুই অভিযুক্তই আগ্নেয়াস্ত্ৰ ক্ৰয় কৰা লোকসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷ এআইএমআইএম নেতাজনে উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকাৰ লগতে মিৰাটত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল।