অভিনেতা আশীষ বিদ্যাৰ্থীয়ে আৰম্ভ কৰিলে নতুন ইনিংছ। যোৱা ২৫ মে’ত কলকাতাত অসম কন্যা ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেতাগৰাকী। ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে ষাঠি বছৰৰ পিছত পুনৰ বিবাহপাশত আবদ্ধ হয়। ৰূপালীক বিয়া কৰাৰ আগতে তেওঁ ৰাজশী বৰুৱাৰ লগত বিৱাহ পাশত আৱদ্ধ হৈছিল ৷ অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা ৰাজশীৰ সৈতে দীৰ্ঘদিনীয়া বিবাহ জীৱনৰ অন্তত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এজন পুত্ৰ আছে। প্ৰাক্তন স্বামীৰ দ্বিতীয় বিবাহৰ খবৰত মনোকষ্টত ভুগিছে ৰাজশী! যোৱা ১৭ ঘণ্টাত ৰাজশীয়ে দুবাৰকৈ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, য’ত তেওঁ নিজৰ জীৱনৰ বিষয়ে মুকলিকৈ বহু কথা প্ৰকাশ কৰিছে ৷
ৰাজশীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘আপোনাৰ ঘনিষ্ঠ লোকে কেতিয়াও সুধিব নোৱাৰে যে তেওঁলোকৰ বাবে আপোনাৰ কিমান মূল্য আছে। তেওঁ তোমাৰ কষ্ট দিব পৰা একো কাম নকৰে। জীৱনত শান্তি আৰু স্থিৰতা হওক। আপুনি নিজাববীয়াকৈ যথেষ্ট শক্তিশালী। ঈশ্বৰৰ আশীৰ্বাদেৰে নতুনকৈ আৰম্ভ কৰিব লাগিব।” শেষত তেওঁ লিখিছে ”জীৱনৰ কিংকৰ্তব্যবিমূঢ়তাত হেৰাই নাযাব।” অভিনেত্ৰীগৰাকীয়ে কেতিয়াবা অনুশোচনাৰ আভাস, কেতিয়াবা জীৱনৰ দৰ্শন তেওঁৰ পোষ্টত শ্বেয়াৰ কৰিছিল।
অৱশ্যে শুনা যায় যে পিতৃৰ দ্বিতীয় বিবাহ অভিনেতাজনৰ পুত্ৰৰ উপস্থিতিত হৈছিল। অভিনেতাগৰাকীৰ বৰ্তমানৰ পত্নী কলকাতাৰ ফেশ্বন জগতৰ সৈতে জড়িত। ব্যক্তিগত পৰ্যায়ত ৰূপালীৰ বিয়া হৈছিল আশীষৰ লগত। বিবাহৰ পিছত সন্ধিয়া এটা সৰু অনুষ্ঠানৰো আয়োজন কৰা হয়।