আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল সমূহ ৷ফলাফল অনুসৰি কলা ,বাণিজ্য আৰু বিজ্ঞান তিনিওটা শাখাতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰী সকলে ৷
আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী আছিল -১,৫৬,১০১গৰাকী ৷ তাৰ ভিতৰত ২৯,৪৮৭ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ৫২,৯৪৪গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৭,৮৯৩ গৰাকী পৰীক্ষাৰ্থী ৷ মুঠ ১,৫৬,১০৭গৰাকীৰ ভিতৰত ১,৩০,৩২৪গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮৩.৪৮শতাংশ ৷
আনহাতে বাণিজ্য শাখাত অৱতীৰ্ণ হয় ১৫,১৯৯গৰাকী ৷ তাৰে ৫০১৮ গৰাকী প্ৰথম ,৫১৮৬ গৰাকী দ্বিতীয় আৰু ৩০৬০ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ ১৫,১৯৯গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত বাণিজ্য শাখাত উত্তীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী হ’ল ১৩,২৬৪গৰাকী ৷ বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ ৮৭.২৭শতাংশ ৷
বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৬৩৪ গৰাকী ৷ যাৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২০১৭১ গৰাকী ,দ্বিতীয় বিভাগত ৯৮৩৩ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩৩৫৩৪ গৰাকী ৷ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৯২.১৯ শতাংশ ৷
জানোচোন আহত তিনিওটা শাখাতে ৰাজ্যৰ ভিতৰতে কোনে কোনে লাভ কৰিলে শীৰ্ষ তিনিটা স্থান-
বিজ্ঞানশাখাত –
বিজ্ঞান শাখাত ৫০০ নম্বৰৰ ভিতৰত ৪৯১ নম্বৰৰ সৈতে অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে দৰঙৰ দেওমৰনৈ এইচ.এছ. স্কুলৰ ধৃতিৰাজ বাস্তৱ কলিতাই।
আনহাতে দ্বিতীয় স্থান দখল কৰিছে ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ অলংকৃতা গৌতম আৰু তৃতীয় স্থানত আছে নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সুৰজিত সূত্ৰধৰ।
বাণিজ্য শাখাত-
কাছাৰৰ বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাগৰ আগৰৱালে ৫০০ নম্বৰৰ ভিতৰত সৰ্বাধিক ৪৮২ নম্বৰ লাভ কৰি উজ্বলিছে বণিজ্য শাখাৰ শীৰ্ষ স্থানত ।
বাণিজ্য শাখাৰ দ্বিতীয় স্থানত আছে যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰ মানস জ্যোতি বৰঠাকুৰ ৷ আনহাতে তৃতীয় স্থানত আছে তিনিচুকীয়াৰ আৰডি ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নিখিল গুপ্তা ৷
কলা শাখাত-
কামৰূপ (গ্ৰাম্য)ৰ কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধনা দেৱী আৰু তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ৰ চেৰী গোহাঁইয়ে ৫০০ ৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰি কলাশাখাৰ শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
দ্বিতীয় স্থানত আছে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ বিদিশা মিশ্ৰ ৷ আনহাতে তৃতীয় স্থান লাভ কৰিছে হোজাইৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুদীপ্ত দেৱনাথ ৷