স্বৰ্গদেও চুকাফাৰ বীৰত্ব আৰু বিচক্ষণতাক প্ৰণিপাত জনাই প্ৰতি বছৰৰ আজিৰ দিনটো “অসম দিৱস” হিচাপে পালন কৰা হয়। অসমীয়া জাতিটোক একত্ৰিত কৰি এনাজৰীৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা এইজনা মহান বীৰক আজি অসমৰ চুকে কোণে উলহ মালহেৰে সুৱঁৰিছে।
অসম চৰকাৰৰ ফালৰ পৰাও তেখেতক সুৱঁৰি সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন তথা স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ সহযোগত যোৰহাট জিলাৰ ম’হবন্ধাস্থিত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অসম দিৱসৰ ৰাজ্যিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে সামাজিক মাধ্যমত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।
যুগপুৰুষ চাওলুঙ-ছ্যু-কাফাই অসমীয়া জাতিসত্তাত প্ৰাণ প্ৰতিষ্ঠাৰে অংকুৰিত কৰিছিল এটি মহাজাতিৰ বীজ৷ ঐক্য আৰু সংহতিৰ ডোলেৰে বৰ অসমক বান্ধি ছ্যু-কাফাই নিৰ্মাণ কৰিছিল বৰ অসমৰ ভেটি। আজি অসম দিৱসত অসমৰ জাতীয় জীৱনৰ অন্যতম স্পন্দন, যুগ-মনীষী চাওলুঙ-ছ্যু-কাফাক জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত৷ pic.twitter.com/5vqKK0oGyp
— Himanta Biswa Sarma (@himantabiswa) December 2, 2021
The great Ahom Swargadeo Chaolung Sukapha laid the foundation of greater Assamese community by strengthening the traditional bonds of harmony. Tributes to the architect of Bor Asom on Asom Diwas.
Let his ideals guide us in further strengthening the greater Assamese community. pic.twitter.com/vYuX4xDdmp
— Sarbananda Sonowal (@sarbanandsonwal) December 2, 2021
অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ আদৰ্শই আমাৰ অসমীয়া জাতি চিৰকাল অনুপ্ৰাণিত কৰি থাকিব। ঐক্য-সম্প্ৰীতিৰ "বৰ অসম"হৈ ৰওক চিৰদিন,চিৰকাল। #AssamDiwas ত তাৰেই কামনা কৰিছোঁ আৰু স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফা ক শ্ৰদ্ধাৰে সুঁৱৰিছো।
#sukafadiwas pic.twitter.com/pRRV8aS6Eb— Pallab Lochan Das (@pallablochandas) December 2, 2019
বৃহত্তৰ অসমীয়া জাতিক এক সত্তাৰে একত্ৰিত কৰা স্বৰ্গদেও চাওল্যুঙ-ছ্যু-কাফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছো | #AxomDivas pic.twitter.com/6P4UQDBQ6w
— Kamrup Metro District Administration (@DCKamrupMetro) December 2, 2021