এগৰাকী বনকৰা মহিলাক অকথ্য নির্যাতন চলোৱা শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) শুভলক্ষ্মী দত্তক হেডকোৱার্টাৰ ক্ল’জ কৰিবলৈ নির্দেশ দিছে ডিজিপি জি পি সিঙে ৷ তাংক্ষণিকভাৱে দত্তক হেডকোৱার্টাৰ ক্ল’জ কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ খাতিৰতে তেওঁক তাংক্ষণিকভাৱে হেডকোৱার্টাৰ ক্ল’জ কৰা হৈছে ৷ আজি এক টুইটযোগে জি পি সিঙে সদৰী কৰা অনুসৰি বিভাগীয় তদন্তৰ পিছতে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ দত্তৰ বিৰুদ্ধে বিভাগীয় তদন্ত অব্যাহত ৰাখিছে এনইআৰৰ আইজিপিয়ে ৷
উল্লেখ্য যে শুভলক্ষ্মী দত্তই তেওঁৰ ঘৰত বনকৰা মহিলা হিচাপে থকা অনিমা প্ৰজা নামৰ মহিলাগৰাকীক অকথ্য নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷ আৰক্ষী বিষয়া গৰাকীয়ে অনিমাক মাৰধৰ কৰাৰ লগতে উতলা গৰম পানী গাঁত ঢালি দিছিল বুলিও অভিযোগ উঠিছে ৷ ইতিমধ্যে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ আনহাতে অসুস্থ অনিমাক চিকিৎসালয়ত ভর্ত্তি কৰোৱা হৈছে ৷