এগৰাকী বনকৰা মহিলাক নির্মমভাৱে অত্যচাৰ চলায় বিপদত পৰিছে শিৱসাগৰৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক চমুকৈ এএছপি শুভলক্ষ্মী দত্ত ৷ অনিমা প্ৰজা নামৰ এগৰাকী মহিলাক মাৰধৰ কৰা শুভলক্ষ্মীয়ে গ্ৰেপ্তাৰৰ ভয়ত পলায় ফুৰিব লগীয়া হৈছে ৷ ইতিমধ্যে নিলম্বিত শুভলক্ষ্মীয়ে আত্মগোপন কৰিবলৈ ব্যৱহাৰ কৰিছিল এজন প্ৰাক্তন বিধায়কৰ বাসগৃহ ৷ থাওৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীৰ গুৱাহাটীস্থিত বাসগৃহত আত্মগোপন কৰি আছিল শুভলক্ষ্মীয়ে ৷
এই কথাৰ সম্ভেদ লাভ কৰাৰ পাছত কালি নিশা শিৱসাগৰৰ এটা দল গুৱাহাটীৰ ছয়মাইলত প্ৰাক্তন বিধায়ক জনৰ আৱাস থকা এপার্টমেণ্টত উপস্থিত হয় ৷ কিন্তু শিৱসাগৰ আৰক্ষী অহাৰ কথা আগতীয়াকৈ অৱগত হয় শুভলক্ষ্মী দত্তই ৷ যাৰ ফলত শিৱসাগৰ আৰক্ষীৰ উপস্থিতিৰ পূর্বে তেওঁ পলায়ন কৰে ৷ এপার্টমেণ্টটোৰ পৰা শুভলক্ষ্মীয়ে পলায়ন কৰা দৃশ্য চিচিটিভিত বন্দী হৈছে ৷