বনকৰা মহিলাক অকথ্য নির্যাতন চলোৱা শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (এএছপি) শুভলক্ষ্মী দত্তই অৱশেষত আজি আত্মসমর্পন কৰে ৷ শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত তেওঁ আত্মসমর্পন কৰে ৷ আত্মসমর্পনৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷
অনিমা প্ৰজা নামৰ মহিলা গৰাকীক অকথ্য নির্যাতন চলোৱাৰ পাছতে শুভলক্ষ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৷ তেতিয়াৰ পৰাই আত্মগোপন কৰি আছিল শুভলক্ষ্মীয়ে ৷ অৱশেষত আৰক্ষী দায়বদ্ধতা আয়োগ, মহিলা আয়োগত গোচৰ ৰুজু কৰাৰ লগতে তেওঁক পলাতক অপৰাধী ঘোষণা কৰি সম্পত্তি বাজেয়াপ্তৰ কথা ঘোষণা কৰে অসম আৰক্ষীয়ে ৷ ইয়াৰ পাছত উপায়ন্তৰ হৈ শুভলক্ষ্মীয়ে আজি আত্মসমর্পন কৰে ৷
লক্ষণীয়ভাৱে যোৱা ৪ ছেপ্তেম্বৰত গুৱাহাটীৰ ছয়মাইলত পার্লে এপার্টমেণ্টৰ এটা ফ্লেটত আত্মগোপন কৰাৰ তথ্য লাভ কৰে ৷ কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল ৷ লক্ষণীয়ভাৱে পার্লে এপার্টমেণ্টৰ পৰা পলায়ন কৰাত আৰক্ষীয়ে সহায় কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ এপার্টমেণ্টৰ চিচিটিভিত বন্দী হোৱা দৃশ্য অনুসৰি পলায়নৰ পূর্বে আৰক্ষীৰে কথাও পাতিছিল শুভলক্ষ্মীয়ে ৷ অর্থাৎ আত্মগোপনৰ নামত চলি আহিছিল এখন নাটক ৷ এইক্ষেত্ৰত আৰক্ষীয়ে শুভলক্ষ্মীক সহায় কৰি আহিছিল ৷