VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসম আৰু উত্তৰ পূৱ ভাৰতে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা

voicedesk by voicedesk
January 6, 2023
in মুখ্য সংবাদ
বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসম আৰু উত্তৰ পূৱ ভাৰতে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা মধ্য প্ৰদেশৰ ভূপালত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনত Water Vision @2047 বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হোৱা “1st All India Annual State Ministers’ Conference on Water” শীৰ্ষক সন্মীলনত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অংশ গ্ৰহণ কৰি অসমত বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ক বক্তব্য প্ৰদান কৰে । কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু দেশৰ বহুকেইখন ৰাজ্যৰ জলসম্পদ, জনস্বাস্থ্য কাৰীকৰি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী উপস্থিত থকা সন্মীলনখনত অসম চৰকাৰৰ হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ গ্ৰহণ কৰিছে ।

সন্মীলনখনৰ আজিৰ এটা সত্ৰত অসমত বান নিয়ন্ত্ৰণ আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাৱলীৰ বিষয়ে উপস্থাপন ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰতি বছৰে বানত আক্ৰান্ত অসমত ৰাজ্য চৰকাৰে নতুন প্ৰযুক্তিৰ সহায়ত বান নিয়ন্ত্ৰণৰ প্ৰয়াস কৰি আহিছে । এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগত কেন্দ্ৰ চৰকাৰে একপ্ৰকাৰে বৈষম্যমূলক মনোভাৱেৰে অসমক বান নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় পুঁজিৰ পৰা বঞ্চিত কৰি ৰাখিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহীত কৰা ‘অষ্টলক্ষ্মী’ৰ উন্নয়নৰ বাবে বিগত প্ৰায় আঠ বছৰে বহুখিনি কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াস আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ সদিচ্ছাৰ বাবে অসমে দীৰ্ঘ বিৰতিৰ অন্তত বান নিয়ন্ত্ৰণৰ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে অসমে ভাৰতৰ বাকী উন্নত ৰাজ্যবোৰৰ সমানে সমানে আগবাঢ়ি যাবলৈ ৰাজ্যখনৰ জ্বলন্ত সমস্যা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে আৰু অধিক সহায় কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে উপস্থিত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীক আহ্বান জনায় ।

মন্ত্ৰীগৰাকীৰ আজিৰ এই উপস্থাপনৰ সময়তে তেওঁ বান নিয়ন্ত্ৰণৰ বাবে অসমত জিঅ’ টেক্সটাইলৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা আৰু পৰীক্ষামূলকভাৱে কৰা নদী খনন আদিৰ কথা বিশেষভাৱে উল্লেখ কৰে ।

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ অধীনত, কেন্দ্ৰীয় জল মিচ্যনৰ উদ্যোগত ভূপালত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সন্মীলনখনৰ আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰ চৰকাৰৰ ৰাজ্যিক জলশক্তি মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, উচ্চ পদস্থ বিষয়া আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰী সকল উপস্থিত থাকে ।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

পাকিস্তানত কাৰাগাৰত বন্দী নগাঁৱৰ পুত্ৰসহ মহিলা,নগাঁৱত চাঞ্চল্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পাকিস্তানত কাৰাগাৰত বন্দী নগাঁৱৰ পুত্ৰসহ মহিলা,নগাঁৱত চাঞ্চল্য

পাকিস্তানত কাৰাগাৰত বন্দী নগাঁৱৰ পুত্ৰসহ মহিলা,নগাঁৱত চাঞ্চল্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7