VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লখিমপুৰ জিলাত অন্য এক লাইলাপুৰ ঘটনা হোৱাৰ আশংকা

voicedesk by voicedesk
August 11, 2021
in মুখ্য সংবাদ, ৰাজনীতি, সমাজ
লখিমপুৰ জিলাত অন্য এক লাইলাপুৰ ঘটনা হোৱাৰ আশংকা
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমান্তৰ দৰে পুনৰ সংঘটিত হ’ব নেকি অন্য এক নাৰকীয় ঘটনা ! তেনে এক আশংকাই এতিয়া দেখা দিছে অসম-অৰুণাচল সীমান্ততো।লখিমপুৰ জিলাৰ কাকৈ ৰাজগড় অঞ্চলত একাংশ অৰুণাচলী লোকে অসমৰ কেইবা হেক্টৰ ভূমি বে-দখল কৰি ভূঁই ৰোৱা কাৰ্যই যেন তাৰেই ইংগিত বহন কৰিছে।

এই ঘটনা প্ৰত্যক্ষ কৰি লখিমপুৰৰ বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈছিল যদিও অৰুণাচলী লোকৰ ৰণচণ্ডী মূৰ্ত্তি দেখি পিছ হুঁহকিবলৈ বাধ্য হ’য়। বন বিভাগৰ কৰ্মচাৰী এজনে কোৱা অনুসৰি হাতে-হাতে চোকা অস্ত্ৰ লৈ অহা লোক সকলে বন বিভাগৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত উপায়হীন হৈ তেওঁলোকে সেই স্থান ত্যাগ কৰে।

যিহেতু উণ্মত্ত লোক সকলক প্ৰতিৰোধ কৰিব পৰাকৈ বন কৰ্ম্মীৰ হাতত পৰ্যাপ্ত সুবিধা নাছিল।বৰঞ্চ অৰুণাচলী লোকসকলে বন বিভাগৰ দলটোক সেই স্থানলৈ অহাৰ কাৰণ সোধাৰ লগতে অতি সোনকালে সেই ঠাই ত্যাগ কৰিবলৈহে নিৰ্দেশ দিয়ে। আজি দৈনিক খবৰ কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি ৫ জনীয়া এই বন বিভাগৰ দলটোৱে লখিমপুৰ আৰক্ষীৰ সহায় বিচাৰিছিল যদিও আৰক্ষীৰ সহায় নাপাই অকলেই ঘটনাস্থলীলৈ ৰাওনা হৈছিল।

অন্য এক অভিযোগ অনুসৰি লখিমপুৰ জিলা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰি বিগত কিছুদিনৰ পৰা উক্ত স্থানত অৰুণাচলী লোকৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ লগতে লখিমপুৰৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলত ভূমি বে-দখল কৰি বসবাস কৰিবলৈ আৰম্ভ কৰিছে।

তেনেক্ষেত্ৰত যি কোনো সময়তে অসম- মিজোৰাম সীমান্তৰ দৰে অসম- অৰুণাচল সীমান্ততো একে ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

উল্লেখযোগ্য যে বিগত সময়তো উক্ত স্থানত ভূমি বে-দখল কৰি ভুঁই ৰোৱাৰ চেষ্টা কৰিছিল অৰুণাচলী লোকে। যদিও জিলা প্ৰশাসন আৰু বন বিভাগৰ লোকৰ তৎপৰতাত উভটি যাবলৈ বাধ্য হৈছিল এই সকল লোক।

ইফালে যোৱা দুদিন পূৰ্বে দিল্লীত অসমৰ সীমা সমস্যাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী আৰু গৃ্হ মন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হৈছিল। ৰাজ্যৰ দাঁতি কাষৰীয়া ৰাজ্যৰ লগত শান্তি স্থাপনৰ বাবে কেন্দ্ৰই সকলো ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰিছে।যদিও পুনৰ আন এক আগ্ৰাসনৰ ঘটনা পোহৰলৈ অহাত মুখ্যমন্ত্ৰীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Previous Post

মালায়ালাম ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী সাৰান্য সাচিৰ মৃত্যু

Next Post

অসম চৰকাৰ আৰু সমাজ কল্যাণ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
অসম চৰকাৰ আৰু সমাজ কল্যাণ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা

অসম চৰকাৰ আৰু সমাজ কল্যাণ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7