VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উছৱমুখৰ অসম গ্ৰন্থমেলা, শিলচৰ

voicedesk by voicedesk
December 4, 2023
in মুখ্য সংবাদ
উছৱমুখৰ অসম গ্ৰন্থমেলা, শিলচৰ
0
SHARES
92
VIEWS
Share on FacebookShare on Twitter

এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাই আজি চতুৰ্থটো দিন অতিক্ৰম কৰিলে ৷ গ্ৰন্থমেলাৰ বাকৰিত আজি বিয়লি ৩ বজাৰ পৰা “বৰাক উপত্যকাৰ সাংস্কৃতিক ঐতিহ্য” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ প্ৰখ্যাত লোকশিল্পী বিক্ৰমজিৎ বাউলীয়াই পৰিৱেশন কৰা এটি হৃদস্পৰ্শী বাউল গীতেৰে আৰম্ভ হোৱা আলোচনা সত্ৰখন উদ্বোধন কৰে অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড° বিশ্বতোষ চৌধুৰীয়ে ৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত বৰাকৰ সাংস্কৃতিক ঐতিহ্যক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কাৰটো অত্যন্ত আনন্দদায়ক ৷ বৰাকৰ সংস্কৃতি আৱহমান কালৰ পৰাই ঐতিহ্যপূৰ্ণ ৷ ইয়াত বাঙালী, অসমীয়া, ডিমাছা, নেপালী আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে বৰাকৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ইতিহাস গঢ়ি তুলিছে ৷ এনেক্ষেত্ৰত বাঙালীসকলে যদি ভাবে অসমীয়া সংস্কৃতিয়ে আমাক চেপি ধৰিছে নাইবা অসমীয়াসকলে যদি ভাবে যে বাঙালী সংস্কৃতিয়ে আমাক চেপি ধৰিছে তেনেহ’লে এনে চিন্তা সংকীৰ্ণতাৰ পৰিচয়ৰ বাহিৰে একো নহয় ৷ অন্যান্য জাতি-জনগোষ্ঠীৰ ক্ষেত্ৰতো একেই কথা ৷

দেশ বিভাজনৰ আগৰে পৰা ইয়াত সকলোৰে অৱদানেৰে সাংস্কৃতিক ঐতিহ্য গঢ়ি উঠিছে ৷ আমি সকলোৱে হাতত হাত ধৰিয়ে আগুৱাব লাগিব ৷ এয়াই বাস্তৱ সত্য আৰু সময়ৰ আহ্বান ৷ অসমীয়া আৰু বাঙালী উভয়ৰে সংস্কৃতিৰ আধাৰ উদাৰতা ৷ ভাটিয়ালি সুৰ আৰু বিহুৰ সুৰে বুজাই দিয়ে সংস্কৃতি মানে বৰ্জন নহয় গ্ৰহণ ৷ সাহিত্য-পৰিৱেশ্য কলা-ক্ৰীড়া সকলোতে এই কথা প্ৰযোজ্য ৷আলোচনা সত্ৰখন সঞ্চালনা কৰে লেখক-অনুবাদক, কৃতি শিক্ষয়ীত্ৰি নিবেদিতা চক্ৰৱৰ্তীয়ে ৷ তেওঁ কয়—“অসম গ্ৰন্থমেলাৰ প্ৰাংগণত বৰাকৰ সাংস্কৃতিক ঐতিহ্যক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপ্যতকাৰ বাসিন্দাসকলৰ বাবে শুভবাৰ্ত্তা ৷ বৰাকৰ প্ৰাচীন সাংস্কৃতিক পৰম্পৰা হৈছে মিলন আৰু মিলোৱাৰ পৰম্পৰা ৷ ইয়াত বিদ্বেষৰ কোনো স্থান নাই ৷” ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ড° ৰমাকান্ত দাসে কয় যে বৰাক উপত্যকাৰ জনবিন্যাস গঢ়ি উঠিছে অষ্ট্ৰিক আৰু মংগোলীয়ৰ সংমিশ্ৰণত ৷ পুৰাণ গৱেষণা কৰিলে পোৱা যায় এই ভূমিক কিৰাতভূমি বুলি কোৱা হৈছিল ৷ গতিকে এই অঞ্চলৰ সভ্যতা আৰু সংস্কৃতিও অনাৰ্যসকলে এসময়ত গঢ়ি তুলিছিল ৷ তাৰ পৰৱৰ্তী পৰ্যায়ত আৰ্যসকলৰ প্ৰৱেশ ঘটে আৰু ইয়াতো আৰ্য সংস্কৃতিৰ পোহৰ পৰে ৷ অৰ্থাৎ আৰ্য-অনাৰ্য উভয়ৰে সংস্কৃতিৰে বৰাকৰ সমাজ-জীৱনৰ ঐতিহ্য গঢ়ি উঠিছে ৷ সমান্তৰালভাৱে এই মুলুকত ইছলাম দৰ্শনৰ প্ৰভাৱো অতি প্ৰাচীন ৷

সেয়ে বৰাকৰ সংস্কৃতি অতি বিচিত্ৰ আৰু সমৃদ্ধ ৷ এই বিষয়ে গভীৰ পৰ্যায়ৰ গৱেষণা হ’লে বহু নতুন দিশ উন্মোচিত হ’ব ৷ আন এগৰাকী আলোচক অতিথি, বিশিষ্ট লেখিকা, ৰবীন্দ্ৰ সদন মহাবিদ্যালয়, কৰিমগঞ্জৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গীতা সাহাই বৰাকৰ প্ৰাচীন ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰে ৷ ১৭৫৭ চনৰ পলাশী যুদ্ধ, ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰসংগৰে তাহানিৰ শ্ৰীহট্টৰ অন্তৰ্ভূক্তি আৰু ব্ৰিটিছে ভাৰত এৰাৰ সময়লৈ— নাতিদীৰ্ঘ ভাষণৰ জৰিয়তেই তেওঁ বৰাকৰ প্ৰচীন সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয় ৷ তেতিয়াৰ পৰা আজি পৰ্যন্ত বিভিন্ন ভাষা-ভাষী আৰু জাতি-জনজাতিৰ সামূহিক সংমিশ্ৰণত গঢ়ি উঠা বৰাকৰ বৰ্ণময় সংস্কৃতিয়ে অসম তথা ভাৰতবৰ্ষক সমৃদ্ধ কৰা বুলি উল্লেখ কৰে ড° সাহাই ৷ একেদৰে আলোচক অতিথি, লেখক-সাংবাদিক আশিস ৰঞ্জন নাথে কয় যে বৰাকভূমিৰ সাংস্কৃতিক ঐতিহ্য অতি আকৰ্ষণীয় ৷ বহু ইতিহাসবিদে বৰাক উপত্যকাক নৃতাত্ত্বিক বাগিছা বুলি অভিহিত কৰিছে ৷ ইয়াৰ অৰ্থ এয়ে যে পুৰাতন সময়ৰ পাৰই বিভিন্ন মানুহৰ মিলিত সমাজ ব্যৱস্থাই ইয়াৰ সভ্যতা গঢ়ি তুলিছে ৷ গতিকে এই বৃহত্তৰ অঞ্চলৰ সংস্কৃতি বিচিত্ৰতাৰে পৰিপূৰ্ণ হোৱাটোৱেই অতি স্বাভাৱিক ৷ বিভিন্ন সমাজিক কৃষ্টি আৰু পৰম্পৰা , কৃষি নিৰ্ভৰতা, তথা মানুহৰ দৈনন্দিন জীৱন পৰিক্ৰমাই বৰাকৰ সমাজ-সংস্কৃতিক ধন্য কৰিছে ৷ আন এগৰাকী আলোচক অতিথি, এচ এচ মহাবিদ্যালয়, হাইলাকান্দিৰ অধ্যাপক ড° প্ৰিয়ব্ৰত নাথে বিষয় প্ৰসংগত বৰাক উপত্যকাৰ লোক-সংস্কৃতিৰ বিষয়ে চমু অথচ সাৰগৰ্ভ ভাষণ প্ৰদান কৰে ৷ তেওঁ কয় যে লোক-সংস্কৃতিৰ প্ৰতিটো উপাদান বৰাকত আছে ৷ যদিও বৰাক উপত্যকা বাঙালী প্ৰধান তথাপি লোক-সংস্কৃতি মানে কিন্তু কেৱল বাঙালী সংস্কৃতি নহয় ৷ সৰু-বৰ সকলো জাতি আৰু সম্প্ৰদায়ৰ মানুহৰ সামাজিক সন্মিলনতহে ইয়াৰ লোক-সংস্কৃতি বৰ্ণাঢ্যৰূপত গঢ়ি উঠিছে ৷ ইয়াৰ ভিতৰত লোক-কৰ্ম প্ৰযুক্তি, আচাৰ-ৰীতি, খাদ্যাভাস, পৰম্পৰাগত উৎসৱ-পাৰ্বণ সকলো দিশকে সামৰি লোৱা হয় ৷ এইক্ষেত্ৰতে বৰাক উপত্যকাৰ সকলো বাসিন্দাৰে অৱদান অনস্বীকাৰ্য ৷ গাম্ভীৰ্যপূৰ্ণ আলোচনা সত্ৰখনৰ আঁত ধৰে কবি-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত হয় মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰৰ প্ৰতি পুথিপ্ৰেমী ৰাইজ, লেখক-সাহিত্যিক সকলো পক্ষৰে সহযোগিতা কামনা কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ এক প্ৰেছ বাৰ্তাত তেওঁ কয় যে শিলচৰত পোন প্ৰথমবাৰৰ বাবে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে ৷ সাহিত্যিক আৰু পঢ়ুৱৈ সমাজৰ ইতিবচক সঁহাৰিয়ে প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক সদায়ে উৎসাহিত কৰে ৷ সেয়ে অসম গ্ৰন্থমেলালৈ সংশ্লিষ্ট সকলো পক্ষকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় সচিব কলিতাই ৷

# চিত্ৰাংকণ-কবিতা আবৃত্তি-আকস্মিক বক্তৃতাৰ ফলাফল#

কালি অনুষ্ঠিত হৈ যোৱা শিশুৰ দিন উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল সমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ সেই অনুসৰি চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত হিতেশ অধিকাৰীয়ে প্ৰথম,কৃষ্টিনা পাটোৱাই দ্বিতীয়, ফাৰহাদ হুছেইন লস্কৰে তৃতীয় আৰু উজ্বয়ীনি সাহা,সুপ্ৰীতা দাস, মনভী বৈদ্যই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত শোহম নাথে প্ৰথম, ৰীতিষা দত্তই দ্বিতীয়, প্ৰজ্ঞা দেৱনাথে তৃতীয় আৰু আয়ুসী পাল, শ্ৰীয়া চন্দ, অনিন্দিতা নাথে উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নাছিমা বেগম লস্কৰে প্ৰথম, জয়শ্ৰী কৰে দ্বিতীয়,অমৰ শ্ৰীৱাস্তৱে তৃতীয় আৰু মনটি মণ্ডল, সৃষ্টি পাল, বিপ্ৰ চৌধুৰীয়ে উদগনি বঁটা লাভ কৰিছে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত অনুৰাগ দত্তই প্ৰথম, বিশালাক্ষী নাথে দ্বিতীয়, ইশা বেগম লস্কৰে তৃতীয় আৰু সাধিকা পাল, চুফিয়ান বৰভূঞা, ৰুদ্ৰাক্ষী পালে উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত আৰাধ্যা ৰয়, ৰুতীশা সিন্‌হাই যুটীয়াভাৱে প্ৰথম, দীপ্তাংশু পালে দ্বিতীয়, সাগ্নিক দেৱ পুৰকায়স্থই তৃতীয় আৰু মৌকুঁহী ডেকা কাশ্যপ, শতাক্ষী দেৱ পুৰকায়স্থ, সোমদত্তা মজুমদাৰে উদগনি বঁটা লাভ কৰিছে ৷“গ” শাখাত বৈদিকা ভট্টাচাৰ্যই প্ৰথম আৰু অনিশা চক্ৰৱৰ্তীয়ে দ্বিতীয় স্থান অধিকাৰ কৰিছে ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ “ক” শাখাত ৰুতীশা সিন্‌হা , সাম্ৰাজ্ঞী কৰ্মকাৰে যুটীয়াভাৱে প্ৰথম, উপাসনা দে’ই দ্বিতীয় , গৌৰৱ শীলে তৃতীয় আৰু সমাদৃতা দে’, মৌকুঁহী ডেকা কাশ্যপ, আয়ুস্মিতা ভট্টাচাৰ্যই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত জয়ীষা ৰয়ে অধিকাৰ কৰিছে প্ৰথম স্থান ৷

#এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন#

উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷

Previous Post

উছৱমুখৰ অসম গ্ৰন্থমেলা, শিলচৰ

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7