আকৰ্ষণীয় গ্ৰন্থ সম্ভাৰ আৰু ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত অসম গ্ৰন্থমেলা, বঙাইগাঁৱত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাইজৰ উপস্থিতি ৷ অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা কিতাপৰ বিক্ৰীও সন্তোষজনক বুলি জনাইছে অংশগ্ৰহণকাৰী প্ৰকাশন গোষ্ঠীসমূহে ৷
আজি বিয়লি অসম গ্ৰন্থমেলা, বঙাইগাঁৱত অনুষ্ঠিত হয় “সাহিত্যৰ সমৃদ্ধিত কথিত ভাষাৰ গুৰুত্ব” শীৰ্ষক এখনি আলোচনা সত্ৰ ৷ বিশিষ্ট গল্পকাৰ জয়ন্ত মাধৱ বৰাই এই আলোচনা সত্ৰ সঞ্চালনা কৰি কয়—“ ভাষা হৈছে সভ্যতাৰ সোপান ৷ ভাষাই সমাজক বুজিবলৈ পথ প্ৰশস্ত কৰি দিয়ে ৷ সমাজক বুজা মানেই মানুহক বুজা, সংস্কৃতিৰ আদান-প্ৰদান কৰা ৷ এইদৰে বিশ্ব সভ্যতাৰ সৈতে সকলো প্ৰান্তৰ পৰা যোগসূত্ৰ সৃষ্টি হয় ৷ ইয়াত ভাষাৰ ভূমিকাই প্ৰধান ৷ ভাষাৰ সৃষ্টি প্ৰথমতে হৈছে ৷ তাৰ পাছতহে লিপি আৰু তাৰ পাছতহে সাহিত্য ৷ কথিতৰূপতেই ভাষা গঢ় লৈ উঠে ৷
কথিত ভাষাই সাহিত্যক সকলো ঠাইতে সমৃদ্ধিশালী কৰিছে ৷ কথিত ভাষাৰ ব্যৱহাৰে সাহিত্যত লোক-জীৱনক উজলাই তোলে ৷” আলোচনা সত্ৰখনত আলোচক অতিথৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ড° মাধুৰ্য্য মণ্ডিত বৰুৱই কয় যে কথিত ভাষাই দেশীয় সাহিত্যত স্থানীয় সমাজ-জীৱন , লোক-পৰম্পৰাৰ বিচিত্ৰ ৰূপক প্ৰাঞ্জলভাৱে দাঙি ধৰে ৷ ইয়াৰ উদাহৰণ হৈছে কামৰূপী আৰু গোৱালপৰীয়া ভাষা ৷ অসমীয়া সাহিত্যক কামৰূপী আৰু গোৱালপাৰীয়া ভাষাই গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে ৷ সকলো ঠাইৰে কথিত ভাষাই সাহিত্যক ঐশ্বৰ্যশালী কৰিছে ৷
একেদৰে আলোচক অতিথি ড° গোপাল বৰ্মনে কয়—“ মান্য ভাষাৰ বিকাশত কথিত ভাষাৰ প্ৰভাৱ আৰু গুৰুত্ব অপৰিসীম ৷ কথিত ভাষাই ভাষাৰ প্ৰথম ৰূপ ৷ মান্য ভাষাৰ শব্দ সম্ভাৰ কথিত ভাষাৰ পৰাই গ্ৰহণ কৰা হয় ৷ কথিত ভাষাৰ বিচিত্ৰ প্ৰকাশিকা শক্তিয়ে সাহিত্যৰ উত্তৰণৰ বাট মুকলি কৰে ৷ কথিত ভাষাৰ যথাযথ ব্যৱহাৰে সাহিত্যক প্ৰাণৱন্ত কৰি তোলে ৷” বিষয় প্ৰসংগত আন এগৰাকী আলোচক অতিথি , বিশিষ্ট লেখক পুলিন কলিতাই মত প্ৰকাশ কৰে যে কথিত ভাষাৰ প্ৰকাশিকা শক্তি বেছি ৷ সাহিত্যত কিছুমান বিষয়ৰ বৰ্ণনাৰ বাবে কথিত ভাষাৰ প্ৰয়োগ প্ৰয়োজনীয় ৷ সেই ৰূপতে সংশ্লিষ্ট ভাষাৰ ব্যৱহাৰ হ’লে সাহিত্যই অৰ্থৱহ বাস্তৱ ৰূপ পৰিগ্ৰহ কৰে ৷সন্ধিয়া অনুষ্ঠিত হোৱা আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে প্ৰবোধ দাসে ৷