ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ। ইয়াৰ বাবে তৈয়াৰ কৰিছে বিশেষ ৰণকৌশল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমটো নিৰ্বাচনক একপ্ৰকাৰ মিছন হিচাপে লৈ আগবাঢ়িছে ভূপেন বৰা। সমষ্টি দখল নিশ্চিত কৰিবলৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে আসন বুজাবুজি কৰিব বিচাৰিছে কংগ্ৰেছে। ইতিমধ্যে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ দলে। কালি এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলে। ইপিনে ৰাইজৰ দলক আন এখন আসন এৰি দিবলৈ কংগ্ৰেছ সাজু যদিও এতিয়াও কোনখন আসন এৰি দিয়া হব সেয়া আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছে যে তেওঁলোকে উপ নিৰ্বাচনত চাৰিখন আসনতহে প্ৰতিদ্বন্দিতা কৰিব। প্ৰাৰ্থীৰ পেনেল প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এ আই চি চি লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে ৰাইজৰ দলে দুখন আসন কংগ্ৰেছক এৰি দিবলৈ দাবী জনায় আহিছে। যাৰ বাবে এই ক্ষেত্রত অংক এতিয়াও মিলা নাই দল দুটাৰ। ৰাজ্যৰ পাঁচ সমষ্টি ক্ৰমে ভৱানীপুৰ, থাওৰা, গোসাঁইগাঁও, তামুলপুৰ আৰু মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অতি সোনকালে মাজুলী সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা সম্ভাৱনা আছে