VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

voicedesk by voicedesk
September 16, 2021
in মুখ্য সংবাদ, ৰাজনীতি
কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ সাপ্তাহিক কেবিনেট বৈঠকত দশম শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ, কৰম পৰৱৰ দিনা চৰকাৰী বন্ধ ঘোষণা, গঁড়ৰ খৰ্গৰ ৰাজহুৱা দহন, কৃষকক সকাহ প্ৰদানৰ বাবে উন্নয়নমূলক পদক্ষেপকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি সকলো হাইস্কুল, হাই মাদ্ৰাছা, আৱাসিক বিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী দিবা ব’ৰ্ডিং স্কুলৰ দশম শ্ৰেণীৰ পাঠদান ২০ ছেপ্তেম্বৰ ২০২১ৰ পৰা পুনৰ আৰম্ভ কৰাত অনুমোদন প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী তথা কৰ্তৃপক্ষৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ দ্বাৰা সকলো কৰ্মচাৰীৰে সম্পূৰ্ণ টিকাকৰণ নিশ্চিতকৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

গঁড়ৰ খৰ্গৰ লগত জড়িত ভ্ৰান্ত ধাৰণাসমূহ আঁতৰ কৰাৰ লগতে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক বৃহৎ ঘোষণা কৰা হৈছে। ঘোষণা অনুসৰি ৰাজ্যিক কোষাগাৰত থকা ২,৬২৩ টা খৰ্গৰ ভিতৰত ২,৪৭৯ টা খৰ্গৰ ৰাজহুৱা দহন কাৰ্যসূচী হাতত লোৱা হ’ব। আনহাতে ৯৪ টা গঁড়ৰ খৰ্গ ঐতিহ্য হিচাপে সংৰক্ষণ কৰাৰ লগতে আদালতত গোচৰাধীন হৈ থকা ৫০ টা খৰ্গও সংৰক্ষণ কৰা হ’ব। 

নিম্ন আয়ৰ লোকসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে ৰিক্সা আৰু ৰিক্সা চালকৰ অনুজ্ঞাপত্ৰ আইন, ১৯৭৬ৰ উপবিধি প্ৰত্যাহাৰ কৰি গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা, ঠেলা, হাতেৰে চলোৱা ঠেলাৰ বাণিজ্যিক ব্যৱহৃত অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰ কৰা হ’ব। পঞ্জীয়নৰ ক্ষেত্ৰত আধাৰ সংযোগী অনলাইন পঞ্জীয়ন ব্যৱস্থাৰ বাবে গুৱাহাটী পৌৰ নিগমে অন্বেষণ কৰিব।

শস্য বীমা প্ৰিমিয়াম পৰিশোধৰ দিশত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৩৭৯ কোটি টকা ধাৰ্য কৰা হৈছে। এই পদক্ষেপে ৰাজ্যখনৰ লক্ষাধিক কৃষকক লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে কেবিনেট বৈঠকে।

অসম বীজ নিগম লিমিটেডৰ অধীনত ১২ খন ফাৰ্মৰ চাৰিসীমাত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণৰ লগতে আন্তঃগাঁথনি উন্নয়নত অনুমোদন প্ৰদান কৰে সাপ্তাহিক কেবিনেটে। অসম বীজ নিগম লিমিটেডৰ অধীনৰ হৰ্টিকালচাৰ নাৰ্ছাৰী, গুৱাহাটী আৰু উলুবাৰী নাৰ্ছাৰীৰ বিকাশত অনুমোদন জনাই ইয়াক অত্যাধুনিক নাৰ্ছাৰীলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

কৃষি বিভাগৰ কাম-কাজসমূহ অধিক দক্ষতাৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কৃষি বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত যোগ্যতা অৰ্জনকাৰী সেৱা শিথিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্প ৰূপায়ণৰ লক্ষ্যৰে অসম আন্তঃগাঁথনি পুঁজি সংস্থাৰ বাবে ২৫০ কোটি টকাৰ অনুমোদন জনাই কেবিনেটে।

কেবিনেটৰ উল্লেখযোগ্য সিদ্ধান্তৰ ভিতৰত চাহ জনগোষ্ঠীয় লোকসকলৰ কৰম পৰৱ উপলক্ষে ১৭ ছেপ্তেম্বৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা। লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ অধীনত মুখ্য অভিযন্তা, স্বাস্থ্য আৰু শিক্ষাৰ এটা পদবী সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই পদক্ষেপে লোক নিৰ্মাণ বিভাগৰ স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহ অধিক ক্ষিপ্ৰতৰ কৰি তুলিব বুলি আশা কৰা হৈছে।

Previous Post

প্ৰধানমন্ত্ৰী মোডীয়ে জমা কৰি দিয়া ধন খৰচ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন লোক

Next Post

চকু কপালত উঠিব আমিৰ খানৰ বডিগাৰ্ডৰ মাহিলী বেতনৰ বিষয়ে জানিলেঃ জানিবলৈ পঢ়ক এই বাতৰি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চকু কপালত উঠিব আমিৰ খানৰ বডিগাৰ্ডৰ মাহিলী বেতনৰ বিষয়ে জানিলেঃ জানিবলৈ পঢ়ক এই বাতৰি

চকু কপালত উঠিব আমিৰ খানৰ বডিগাৰ্ডৰ মাহিলী বেতনৰ বিষয়ে জানিলেঃ জানিবলৈ পঢ়ক এই বাতৰি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7