অসমৰ বিভিন্ন শিশু প্ৰতিপালন প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ১৮ বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰাপ্তবয়স্ক কর্মীসকলৰ সামূহিক মঞ্চ অসম কেয়াৰ লিভার্ছ এছ’চিয়েচন(এচিএলএ)ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত উদযাপন কৰে ৷ অসম শিশু সুৰক্ষা সমাজৰ তথা ‘অসমত বিকল্প প্ৰতিপালন সংস্কাৰ শক্তিশালীকৰণ’ পদক্ষেপৰ অধীনত এইড এট একচনৰ সহযোগিতাত , ইউনিচেফ আৰু এছচিপিএছৰ ছাৰা ইউনিটৰ সমর্থনত এই কার্যসূচীৰ আয়োজন কৰে ৷
২০২১ চনৰ ১২ ছেপ্টেম্বৰত গঠন হোৱা এচিএলএৰ বর্তমান সদস্য সংখ্যা ৩৭০ জন ৷ অনুষ্ঠানত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু ,ইউনিচেফ অসমৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মীনাৰায়ণ নন্দ, চাইল্ড এইড নেটৱর্কৰ মুখ্য কার্যবাহী বিষয়া ডঃ মাৰ্টিন কাছপাৰ, ইউনিচেফ অসম আৰু উত্তৰ পূব কার্যালয়ৰ মুখ্য ক্ষেত্ৰ বিষয়া ডঃ মধুলিকা জোনাথন , বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব কল্পনা ডেকা , নিয়োগ আৰু শিল্পী প্ৰশিক্ষণৰ উপ-সঞ্চালক ৰঞ্জিত বৰঠাকুৰ আৰু এইড এট একচনৰ আঞ্চলিক প্ৰৱন্ধক প্ৰণৱ জে পাংগিং উপস্থিত থাকে ৷ তদুপৰি এইড এট একচন আৰু কেয়াৰ লিভার্ছৰ ২২ খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে ৷
অনুষ্ঠানটোৰ আৰম্ভণিতে অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ পাছতে তাৰ পিছত এচিএলএৰ সদস্যসকলে উদ্বোধনী গীত পৰিৱেশন কৰে ৷ তাৰ পিছত প্ৰণৱ জে পাংগিঙে আদৰণি ভাষণ প্ৰদান কৰে য’ত তেওঁ এচিএলএৰ অস্তিত্ব আৰু ইয়াৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি এচিএলএৰ অধ্যক্ষ মৌচুমী দাসে এতিয়ালৈকে তেওঁলোকৰ যাত্ৰা আৰু কেয়াৰ লিভার্ছসকলক বিভিন্ন প্ৰতিষ্ঠানত সংস্থাপন আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পিছত আমন্ত্ৰিত অতিথিসকলে ভাষণ প্ৰদান কৰে ৷ প্ৰত্যকগৰাকী অতিথিয়ে এচিএলএৰ সদস্যসকলক সহায় সহযোগিতা আগবঢ়াবলৈ ইয়াক উমৈহতীয়া মঞ্চ হিচাপে শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ এই অধিবেশনৰ পিছতে সংস্থাৰ সদস্যসকলক উচ্চ শিক্ষাৰ গুৰুত্বৰ লগতে দক্ষতা বিকাশৰ সৈতে জড়িত সুযোগসমূহৰ ওপৰত সজাগতা প্ৰদানৰ বাবে বিভিন্ন কাৰিকৰী অধিবেশন অনুষ্ঠিত হয়।
এই অনুষ্ঠানৰ পিছত এচিএলএৰ বাৰ্ষিক পৰ্যালোচনা সহ পৰিকল্পনা সভা অনুষ্ঠিত হয় ৷ য’ত এচিএলএৰ কাৰ্যবাহী সদস্যসকলে বিগত বছৰৰ কাৰ্য্যকলাপৰ ওপৰত চিন্তা-চৰ্চা কৰে ৷ তাৰ পিছত বাৰ্ষিক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা আৰু জিলা পৰ্যায়ৰ সমিতি আৰু উপ-সমিতি গঠনৰ ওপৰত আলোচনা কৰে।এচিএলএৰ অধ্যক্ষৰ ধন্যবাদৰে অনুষ্ঠানৰ অন্ত পৰে ৷