যোৱা ২৭ ছেপ্তেম্বৰত অসম পৰ্য্যটন বিভাগে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্য্যটন দিৱস উপলক্ষে এক বাৰে-ৰহনীয়া কাৰ্যসূচীৰ আয়োজন কৰে। বিগত দুটা বছৰ অসম পৰ্য্যটনৰ সৈতে জড়িত লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই প্ৰেক্ষাপটত ২০২১ বৰ্ষটোত অসম পৰ্য্যটন বিভাগে অনুষ্ঠানটোৰ জৰিয়তে অসমৰ পৰ্য্যটনক পুনৰুজ্জীৱিত কৰাৰ এক প্ৰচেষ্টা হাতত লয়।
অনুষ্ঠানটোত অসমৰ ঐশ্বৰ্যশালী কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে গায়ন-বায়ন-বিহু, মিছিং-বড়ো-কাৰ্বি-ডিমাছা ইত্যাদি বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ প্ৰদৰ্শন হয়। বড়োলেণ্ড পৰিষদ, ডিমাছা কাৰ্বি পৰিষদে তেওঁলোকৰ অঞ্চলৰ পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনা সম্পৰ্কে উল্লেখ কৰে।
তাৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সংঘই অসমৰ মহিলাৰ দ্বাৰা উৎপাদিত হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰদৰ্শনী কৰে। ইয়াৰ লগতে অসম পৰ্য্যটনৰ বিভিন্ন সমলসমূহৰ সৈতে এখন অভিনৱ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। বিশেষকৈ অসমৰ কম পৰিচিত পৰ্য্যটন ক্ষেত্ৰসমূহক প্ৰদৰ্শনীত বিভাগে গুৰুত্ব প্ৰদান কৰে।
পৰ্য্যটন দিৱসৰ মুখ্য অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকে। তেখেতে অসমৰ পৰ্য্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাৰ পৰামৰ্শ অনুসৰি অসমৰ পৰ্য্যটন ক্ষেত্ৰখনৰ লগত জড়িত ক’ভিডে বিধ্বস্ত কৰা লোকসকলক সহায় কৰাৰ মানসেৰে এখন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।
এই আঁচনি অনুসৰি ক’ভিডত ক্ষতিগ্ৰস্ত ১৪২ গৰাকী ট্যুৰ অপাৰেটৰৰ প্ৰত্যেক গৰাকীকে ২ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্যৰ লগতে ৬০৫ গৰাকী ট্যুৰ গাইডৰ প্ৰতিজনকে ২৫ হাজাৰ টকাকৈ অনুদান প্ৰদান কৰা হ’ব। অসম পৰ্য্যটন সঞ্চালকালয়ৰ দ্বাৰা ‘অপৰূপ অসম’ নামৰ অসমৰ বিভিন্ন কম পৰিচিত পৰ্য্যটন থলী সম্পৰ্কে প্ৰকাশ পোৱা এখন পুথিও মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে উন্মোচন কৰে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে যে অহা ১ নৱেম্বৰৰ পৰা ৰাজ্যখনৰ ক’ভিড সম্পৰ্কীয় নিষেধাজ্ঞা বাতিল কৰা সন্দৰ্ভত চৰকাৰে চিন্তা-চৰ্চা কৰি আছে। লগতে তেখেতে কয় যে, মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যখনত পৰ্য্যটকৰ দ্বাৰা কম ভ্ৰমণ কৰা অথচ পৰ্য্যটনৰ পৰ্যাপ্ত সমল থকা স্থানসমূহৰ প্ৰতি বিশেষভাৱে গুৰুত্ব প্ৰদানৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰে যে কাজিৰঙাৰ বাহিৰেও বাকীবোৰ অঞ্চললৈও পৰ্য্যটনৰ প্ৰসাৰ হ’ব লাগে। বিশেষকৈ ডিমা হাছাও, কাৰ্বি আংলং, বি টি আৰ অঞ্চলৰ মনোৰম স্থানসমূহ পৰ্য্যটন বিপণন হিচাপে লোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।