বিশ্বনাথ জিলাৰ প্ৰতাপগড়ত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি এখন আদৰ্শ হাইস্কুল মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ তেওঁ কয় যে শিক্ষা হৈছে এক শক্তিশালী মাধ্যম, যাৰ জৰিয়তে এটা জনগোষ্ঠীয়ে নিজকে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী কৰিব পাৰে। ৰাজ্যৰ বিভিন্ন জিলাত ৯৬খন মডেল হাইস্কুল স্থাপনৰ চৰকাৰে লোৱা এই পদক্ষেপে আগন্তুক দিনত চাহ জনগোষ্ঠীৰ আৰ্থ-সামাজিক অৱস্থাত এক অপৰিসীম পৰিৱৰ্তন ঘটাব বুলি তেওঁ বিশ্বাসী। লগতে এই হাইস্কুলসমূহত নিজৰ সন্তানৰ নামভৰ্তি কৰাবলৈ তেওঁ চাহ জনগোষ্ঠীৰ অভিভাৱকসকললৈও আহ্বান জনাই। আনুষ্ঠানিক শিক্ষা ত্যাগ কৰা বহু শিক্ষাৰ্থীয়ে নতুন আদৰ্শ বিদ্যালয়খনত নামভৰ্তি কৰিছে বুলি জানি তেওঁ সুখ প্ৰকাশ কৰে ৷ আজিৰ অনুষ্ঠানত সাংসদ পল্লৱলোচন দাস, বিধায়কদ্বয় প্ৰমোদ বৰঠাকুৰ আৰু ৰঞ্জিত দত্তৰ লগতে অসম চৰকাৰৰ একাধিক উচ্চপদস্থ বিষয়াও উপস্থিত থাকে।