জিলা বানপানী আৰু ভূমিস্খলনৰ ফলত পথৰ ক্ষতিকে ধৰি বিভিন্ন দিশত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ডিমা হাছাও । আজি বান বিধ্বস্ত ডিমা হাছাও জিলা ভ্রমণৰ এক অংশ হিচাপে ভূমিস্খলনৰ ফলত হোৱা জিলাখনৰ প্ৰাথমিক ক্ষয়-ক্ষতিৰ এখন পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ বৈঠকত জিলাখনত তাৎক্ষণিকভাৱে পূৰ্ণস্তৰত যোগাযোগ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰাৰ লগতে ক্ষতিগ্ৰস্ত পথসমূহৰ পুনৰুদ্ধাৰৰ দিশতো তেওঁ গুৰুত্ব প্ৰদান কৰে। এই দুর্যোগৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদক বৰ্তমানৰ সংকটৰ পৰা মুক্ত কৰিবলৈ পৰ্যাপ্ত পুঁজিৰে সহায় কৰাৰ আশ্বাস প্রদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তদুপৰি সমগ্র বিষয়টোৰ স্থায়ী সমাধান সন্দৰ্ভতো ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ সদৰী কৰে ৷পর্যালোচনা বৈঠকখনত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা, বিধায়িকা নন্দিতা গাৰ্লোছা, পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাছা, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিষদৰ মাননীয় প্ৰধান সচিব টি টি ডাউলাগপুকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
বৈঠকৰ পূর্বে মুল্যমন্ত্ৰী গৰাকীয়ে অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি আক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে আৰু শিবিৰত চিকিৎসা সুবিধাকে ধৰি অন্যান্য ব্যৱস্থাৰ বুজ লয় । এই দিশত উপায়ুক্তক প্ৰয়োজনীয় সকলোধৰণৰ সুবিধা আগবঢ়োৱাৰ লগতে গৃহহীন লোকসকলৰ ঘৰসমূহৰ মেৰামতিৰ কামত সহায় আগবঢ়াবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তদুপৰি বান আৰু ভূমিস্খলনৰ ফলত হোৱা ধ্বংসলীলাৰে ভাৰাক্ৰান্ত ডিমা হাছাও জিলাৰ সদৰ হাফলং পৰিদৰ্শন কৰি বেয়াকৈ ক্ষতিগ্ৰস্ত চৰকাৰী বাগান অঞ্চলৰ এটা পথকে ধৰি ভূমিস্খলন হোৱা অঞ্চলসমূহৰো তেওঁ বুজ লয় ৷ লগতে ৰাইজৰ সুবিধাৰ্থে পুনৰ মেৰামতিৰ কামসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰে ৷