আজি পুৱা ৯বজাত কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই । এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে আইনৰ ৰোষত পৰিল টীয়কৰ ১৯ বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত গোলাঘাট কাৰাগাৰকে পৰীক্ষাৰ সঠিক স্থান ৰূপে ঠিক কৰিছিল পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা যোৰহাটৰ দেবীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষই। ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে গোলাঘাট জিলা প্ৰশাসন তথা কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত বৰ্ষাশ্ৰীৰ বাবে পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতি চলাই তেওঁক পৰীক্ষাত বহাৰ সুযোগ দিয়ে। আজি পুৱা ৯ বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰী ৷
আনহাতে বৰ্ষাশ্ৰীৰ প্ৰথমটো পৰীক্ষাত কন্যাৰ কুশল কামনা কৰি পিতৃয়ে কৰিলে আধ্যাত্মিক আৰাধনা। পুৱাই পিতৃয়ে পূজা-অৰ্চনাৰে বৰ্ষাশ্ৰীৰ বাবে প্ৰাৰ্থনা কৰিলে পিতৃয়ে ।
উল্লেখনীয় যে এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে টীয়কৰ ১৯ বছৰীয়া ছাত্ৰীগৰাকীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অংক বিষয়ত অনাৰ্চ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰী ৫টা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত । এনে অৱস্থাত এগৰাকী মেধাৱী ছাত্ৰীক ফেচবুক পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা কাণ্ডক লৈ তোলপাৰ লাগিছে ৰাজ্যৰ বৌদ্ধিক মহলত৷