অসমৰ জীয়াৰী মহাকাশ বিজ্ঞানী ৹ বৰ্ণালী দাসৰ নেতৃত্বৰ এটা সূৰ্য্যতকৈও উত্তপ্ত ৮ টাকৈ নক্ষত্ৰৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। শ্ৰীমতী দাসৰ সাফল্যত জন্মস্থান পাটাছাৰকুছিৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে।
National Center for Radio Astrophysics ত গৱেষণা কৰি অধ্যয়ন আৰম্ভ কৰে। তেখেতৰ গৱেষণাৰ বিষয়বস্তু আছিল, ” Coherent Radio Emission from Hot Magnetic Star”. এই অধ্যয়নত কেইবাজনো কানাডা আৰু আমেৰিকাৰ বিজ্ঞানীয়ে সহযোগ কৰে।
গৱেষণাৰ অন্তত বৰ্ণালী দাসে মহাকাশত সূৰ্য্যতকৈও তপত নক্ষত্ৰ বিদ্যমান বুলি উল্লেখ কৰি নতুন অধ্যয়নৰ বাট মুকলি কৰে।
উল্লেখযোগ্য যে পূৰ্বতে বিজ্ঞানীসকলে সূৰ্য্যতকৈ তপত নক্ষত্ৰ মহাকাশত নাই বুলি উল্লেখ কৰিছিল। অসমৰ জীয়ৰীৰ গৱেষণাই এই কথাক ভুল প্ৰমাণিত কৰিলে।
পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰ্ণালী দাসে উচ্চতৰ মাধ্যমিকটো অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। দিল্লীৰ হংসৰাজ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
অতি মেধাসম্পন্ন ড৹ বৰ্ণালী দাসৰ কৃতিত্বত অসমবাসী আজি গৌৰাবান্বিত।