অসমক পুনৰ ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰা হৈছে ৷ আইন-শৃংখলা জনিত পৰিস্থিতি পর্যালোচনা কৰাৰ পাছতে ৰাজ্য চৰকাৰে অসমক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰে ৷ যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা অশান্ত অঞ্চলৰ এই সিদ্ধান্ত বলবৎ কৰা হৈছে ৷ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা)ৰ তিনি নম্বৰ ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে ৷ উল্লেখ্য যে বিগত বহু বছৰ ধৰি আফস্পাৰ অধীনত অসমকে ধৰি উত্তৰ পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যক অশান্ত অঞ্চল ঘোষণা কৰা অহা হৈছে ৷ আফস্পা প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন সময়ত দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে ৷