অসম চৰকাৰৰ ১ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ অৰ্থে ৰাজ্যৰ শিক্ষা বিভাগত দিয়া হ’ব এক বৃ্হৎ নিযুক্তি ।
মংগল বাৰে এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এক সংবাদ মেলত ঘোষণা কৰে যে অতি শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ’ব টেট পৰীক্ষা।
অৰ্থাৎ অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষাত বি এড,ডি এল এড সম্পূৰ্ণ নকৰাকেও বহিব পাৰিব কোনো প্ৰাৰ্থী।
লগতে চি টেট উত্তীৰ্ণ প্ৰাৰ্থীও দিব পাৰিব এই ৰাজ্যিক টেট পৰীক্ষা।টেট উত্তীৰ্ণ প্ৰাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰে মন্ত্ৰী জনে।
একেদৰে বি এড, ডি এল এড ৰ চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়েও টেটৰ বাবে আবেদন কৰিব পাৰিব।
ইতিমধ্যে শিক্ষা বিভাগত নিযুক্তিৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰী পেগুয়ে।
উল্লেখ যোগ্য যে বিশেষ টেটৰ প্ৰাৰ্থীও বহিব পাৰিব এই জেনেৰেল টেট পৰীক্ষাত। এই সন্দৰ্ভত অতি শীঘ্ৰেই শিক্ষা বিভাগে বিজ্ঞাপন মুকলি কৰিব।
নিৰ্বাচনৰ পূৰ্বে চুক্তি অনুসৰি ৰাজ্যৰ ১ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল বি জে পিয়ে। সেই উদ্দেশ্যে এতিয়া শিক্ষা বিভাগে লৈছে নিযুক্তিৰ এই বৃ্হৎ পদক্ষেপ।