বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উন্নয়নৰ নামত বিমানকোঠৰ ওচৰৰ ৫৫ বিঘা মাটি অসম চৰকাৰে আদানি গ্ৰুপক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। উচ্ছেদৰ নিৰ্দেশৰ পাছত স্বাভাৱিকতেই গাঁওবাসী উদ্বিগ্ন হৈ পৰিছে আৰু প্ৰয়োজনত প্ৰাণ দি হ’লেও নিজ ভূমি ৰক্ষা কৰিবলৈ অঙ্গীকাৰবদ্ধ বুলি মন্তব্য কৰিছে।
অৱশ্যে বিমানবন্দৰ উন্নয়নৰ নামত কাষৰ মাটি অধিগ্ৰহণ কোনো নতুন কথা নহয়। বিমানকোঠ প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ৰ পৰাই নিৰ্মাণ আৰু প্ৰসাৰৰ নামত বৰঝাৰৰ কাষৰ অঞ্চলৰ মানুহে ত্যাগ স্বীকাৰ কৰি আহিছে।
বৰ্তমান সময়ত অসম চৰকাৰে আদানিক গ্ৰুপক দিব খোজা ভূমিখণ্ডৰ সৈতে সংলগ্ন হৈ আছে কৈটাসিদ্ধি গাঁও। গাঁওখন উচ্ছেদ হ’লে ইয়াৰ লগতে হেৰাই যাব ১৮০৫ চনতে প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত কৈটাসিদ্ধি সত্ৰখনো।
উল্লেখযোগ্য কথাটো হৈছে উচ্ছেদৰ প্ৰসংগ উত্থাপিত হৈছে যদিও স্থানান্তৰৰ পাছত মাটি ক’ত বা কেনেধৰণৰ প্ৰক্ৰিয়াৰে লাভ কৰিব সেই সম্পৰ্কীয় নিৰ্দেশনা গাঁওবাসীয়ে লাভ কৰা নাই বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত স্বাভাৱিকতেই চৰকাৰৰ সিদ্ধান্তই চিন্তিত কৰিছে গাঁওবাসীক।
ইতিমধ্যে বিমানবন্দৰৰ সমীপৰ তথা পলাশবাৰী সমষ্টিৰ অন্তৰ্গত কৈটাসিদ্ধি আৰু ৰাইবড়ী গাঁৱৰ ৫৪ ঘৰ পৰিয়ালৰ সৰ্বমুঠ ৫৫ বিঘা মাটি বিমানকোঠৰ বাবে অধিগ্ৰহণ কৰিবলৈ বিচাৰি জাননী দিয়া হৈছে।
সূত্ৰ অনুসৰি গাঁওবাসীৰ লগতে বিমানৰ সুৰক্ষাৰ স্বাৰ্থত গাঁওখনৰ বৃহৎ আকাৰৰ গছবোৰ কটাৰ সিদ্ধান্ত লোৱা হৈছিল। যাতে উৰণ আৰু অৱতৰণৰ সময়ত তলেৰে যোৱা বিমানবোৰক গছবোৰে বাধা দিব নোৱাৰে। অৱশ্যে অধিগ্ৰহণৰ সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় অসামৰিক উৰাজাহাজ চলন কৌশল সংস্থা, সংস্থাৰ সঞ্চালক প্ৰধান আৰু ৰাজ্য চৰকাৰৰ নিয়মাৱলী অনুসৰিহে হৈছে বুলি সূত্ৰটোত প্ৰকাশ।