হিংসাৰ পথ এৰি আলোচনাৰ মেজলৈ অহা এন ডি এফ বি সদস্যলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৰাজ্য চৰকাৰে। হিংসা ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা এন ডি এফ বিৰ বিভিন্ন গোটৰ ১,১০৫জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ’জিট প্ৰমাণ পত্ৰ আজি হস্তান্তৰ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
ধনৰ সদ্ব্যৱহাৰ কৰি ৰাজ্যত এক অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰচেষ্টাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁলোকক অনুৰোধ জনায়৷ লগতে ৰাজ্যখনত এক আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক সবলীকৰণৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
এই উপলক্ষে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ কয় ‘আমাৰ চৰকাৰ বি টি আৰত বাস কৰা লোকসকলৰ আশা-আকাংক্ষা পূৰণত দৃঢ়প্ৰতিজ্ঞ। বড়ো ভাষা-সংস্কৃতিৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি হিচাপে, চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক এ পি এছ চি পৰীক্ষাত বড়ো ভাষাত লিখাৰ অনুমতি দিয়াৰ কথাও চিন্তা কৰা হৈছে।’
যোৱা ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হিচাপে কেডাৰসকলৰ পুনৰ্সংস্থাপনৰ ব্যবস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমত শান্তিৰ এক নতুন যুগ আৰম্ভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বড়ো নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
অসম চৰকাৰৰ গৃহবিভাগ আৰু আৰক্ষীৰ বিশেষ শাখাৰ দ্বাৰা আয়োজিত আজিৰ এই অনুষ্ঠানত বি
টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংঘল,গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এল আৰ বিষ্ণয়, হীৰেন নাথকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।