মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত নিবনুৱাসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। আঁচনিৰ অধীনত নিবনুৱাসকললৈ বিশেষ ৰাজসাহাৰ্য্যযুক্ত ধানবনা কল স্থাপনৰ সুযোগ প্ৰদান কৰা হ’ব।
প্ৰতি ঘণ্টাত ২ মেট্ৰিক টন ধান বানিব পৰা কলৰ ক্ষেত্ৰত ৫০% ৰাজসাহাৰ্য্য প্ৰদান কৰিব। অৰ্থাৎ সৰ্বোচ্চ ১৫ লাখ টকালৈকে ৰেহাই প্ৰদান কৰিব।
আনহাতে প্ৰতি ঘণ্টাত ১ মেট্ৰিক টন ধান বানিব পৰা কলৰ ক্ষেত্ৰত সৰ্বোচ্চ ১০ লাখ টকালৈকে ৰেহাই দিব।
যিবোৰ জিলাত এই আঁচনিৰ অধীনত ধানবনা কল স্থাপন হোৱা নাই, সেই জিলাৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
ইচ্ছুকলোকসকলে ১৪ ডিচেম্বৰৰ ভিতৰত আবেদন পূৰণ কৰিব লাগিব। https:/afcscl.in ৰ পৰা আবেদনসমূহ ডাউনলোড কৰি [email protected] যোগে আবেদন প্ৰেৰণ কৰিব পাৰিব।
ৰাজসাহাৰ্য্যযুক্ত ধানবনা কলৰ দ্বাৰা বহুতো নিবনুৱা লোকে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে।