ৰাজ্যপাল জগদীশ মুখীয়ে অৱশেষত এক নিৰ্দেশ যোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীৰ মূল অভিযুক্ত তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প দাসক নিলম্বন কৰে।
বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীয়ে ডঃ দাসক নিলম্বন কৰি বিশ্ববিদ্যালয়খনৰ মেনেজমেন্ট বিভাগৰ অধ্যাপক ডঃনৃপেন্দ্ৰ নাৰায়ণ শৰ্মাক অস্থায়ীভাৱে উপাচাৰ্য ৰূপে নিযুক্তি দিয়ে।
উল্লেখযোগ্য যে ডঃ দাস কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ডিষ্টেঞ্চ এণ্ড অ‘পেন লাৰ্ণিং চমুকৈ আইডলৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু সেই সময়ছোৱাতে ডঃ দাসে ব্যাপক ধনৰ লেন-দেন কৰি নিয়ম বহিৰ্ভূতভাৱে ২১ টাকৈ পাঠ্যক্ৰমৰ অনুমোদন কৰাৰ অভিযোগ উত্থাপন হৈছিল।
২০১০-২০১৭ চনত ভাৰতৰ মহাপঞ্জীয়কৰ চমুকৈ কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি আইডলত সংঘটিত হোৱা এই সমস্ত কেলেংকাৰী পোহৰলৈ আহিছিল আৰু ইয়াৰপিছতেই সমগ্ৰ ঘটনাটোৰ অনুসন্ধানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে ন্যায়াধীশ ডঃ আফতাব হুছেইন শইকীয়াৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটী গঠন কৰি দিয়া হৈছিল।
অনুসন্ধানৰ কালছোৱাত কমিটীখনেই আইডলৰ সকলো নথি-পত্ৰ নিৰীক্ষণ কৰি বহু লোকৰ সাক্ষ্য গ্ৰহণ কৰে।ইয়াৰপিছতেই শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদন অনুসৰি ডঃ কন্দৰ্প দাসক মূল অভিযুক্ত ৰূপে চিহ্নিত কৰে।
এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃকন্দৰ্প দাসক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে।