বান আৰু ভূমি স্খলনত বিধ্বস্ত হোৱা অসমৰ ডিমা হাচাও জিলালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ৫০কোটি টকাৰ সাহাৰ্য ৷ বান পানী আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদান কৰিবলৈ আৰু ডিমা হাচাও জিলাৰ বান বিধ্বস্ত বিভিন্ন খণ্ড পুনৰুদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে ৫০ কোটি টকাৰ এই পেকেজ ঘোষণা কৰিছে।
ভূমি স্খলনৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা ডিমা হাচাওৰ গুৰুত্বপূৰ্ণ পথসমূহৰ তাৎক্ষণিক পুনৰ নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব ৩০কোটি টকা ৷ আনহাতে জিলাখনৰ ৫৯০টা পৰিয়াললৈ আগবঢ়োৱা হৈছে ২লাখ টকাকৈ আৰ্থিক সাহাৰ্য ৷এই উদ্দেশ্যৰ বাবে মুঠ ১১.৮০ কোটি টকা আৱণ্টন কৰা হ’ব। বান আৰু ভূমিস্খলনত খ্যতিগ্ৰস্ত হোৱা গৃহ নিৰ্মাণৰ বাবেও সাহাৰ্য আগবঢ়াইছে ৰাজ্য চৰকাৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আনহাতে মুঠ পুনৰুদ্ধাৰ পেকেজৰ ভিতৰত, এছ.ডি.আৰ.এফ.-ৰ পৰা ২৩ কোটি টকা আৰু এছ.ও.পি.ডি.-ৰ পৰা ২৭ কোটি টকা প্ৰদান কৰা হ’ব।