আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰিছে।আফ্ৰিকাৰ পিছতেই অসমত প্ৰথমবাৰলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই দাহন কৰ্যসূচীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গঁড়ৰ খৰ্গত কোনো ঔষধি গুণ নাই। ইয়াৰ পৰা চৰকাৰে কোনো ৰাজহ লাভ কৰিব নোৱাৰে।বিশেষকৈ গঁড়ৰ খৰ্গৰ কোনো ঔষধি গুণ নাই বাবেই গঁড় হত্যা নকৰিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীজনে। অন্ধ বিশ্বাস আতৰাবলৈ চৰকাৰৰ এই প্ৰয়াস বুলি উল্লেখ কৰি এই আপুৰুগীয়া সম্পদ গঁড় জীয়াই ৰখাতো আমাৰ গৌৰৱ বুলি উল্লেখ কৰে।
ইয়াৰলগতে মুখ্যমন্ত্ৰী জনে এই কথাও উল্লেখ কৰে যে বহুতে কোৱাৰ দৰে গঁড়ৰ খৰ্গ বিক্ৰী কৰি চৰকাৰ চলিব নোৱাৰে,যেনেকৈ ড্ৰাগছ বিক্ৰী কৰি চৰকাৰে কোনো ৰাজহ লাভ নকৰে বুলি স্পষ্ট কৰে।
সম্পূৰ্ণ বৈদিক পদ্ধতিৰে প্ৰায় ১৯ জন পুৰোহিতৰ দ্বাৰা সম্পন্ন কৰা এই দাহন অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মৃত গঁড় সমূহৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে। ইয়াৰলগতে দাহ কৰা খৰ্গৰ ছাইৰে এটা পূৰ্ণাংগ গঁড় নিৰ্মাণৰ ব্যৱস্থাও গ্ৰহণ কৰিছে বন বিভাগে।
উল্লেখযোগ্য যে দাহন কৰা খৰ্গৰ উপৰিও ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণৰ ব্যৱস্থাও গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।সমান্তৰালকৈ গঁড় হত্যা কৰা কোনো চোৰাং চিকাৰী সাৰি যাব নোৱাৰিব বুলিও হুংকাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।এই অনুষ্ঠানৰ অন্তৰালত মুখ্যমন্ত্ৰী জনৰ এই সৱল পদক্ষেপক এতিয়া আদৰণি জনাইছে ৰাজ্যবাসীয়ে।